বিশ্বৰ লগতে গুৱাহাটীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম অসমৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লী তথা চাকছু, গুৱাহাটীৰ সহযোগত দেওবাৰে পুৱা এক শান্তি সমদল উলিয়াই । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পথৰ পৰা পুৱা ৭ বজাত আৰম্ভ হোৱা এই শান্তি সমদলত সমাজৰ বিভিন্ন স্তৰৰ নাগৰিক, ছাত্ৰ সমাজ, পথ দুৰ্ঘটনাত আহত লোক, নিহত লোকৰ পৰিয়াল, সংবাদ কৰ্মী অংশ লৈ ৰাজ্যৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ দাবী জনায়।শান্তি সমদল উদ্বোধন কৰি এন.ই.এফ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কৰবী বৰ্মণে কয়- পথ সুৰক্ষাৰ কঠোৰ আইনৰ দ্বাৰাহে দুৰ্ঘটনাত হতাহঁতৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। প্ৰতি বছৰে আমাৰ দেশত প্ৰায় ডেৰ লাখ লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। তথ্য অনুসৰি প্ৰতিদিনে গড় হিচাপত দেশত ১,২৭৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ৪০৫ জনকৈ লোক নিহত হয়।শান্তি সমদলৰ আৰম্ভনিত কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ অসমত ২৪০০ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ২০০০ লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয়। বিশ্বত ১৫-২৯ বছৰ বয়সৰ লোক পথ দুর্ঘটনাত অধিক নিহত হয়। চলিত বৰ্ষৰ প্ৰথম তিনি মাহত দেশত ১১৮১৭৫ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ১১৯২৬০ লোক আহত আৰু ৩৯২৬৮ লোক নিহত হয়।সমদলত অংশ লৈ চাকছু, গুৱাহাটীৰ মুৰব্বী জুলী কাকতিয়ে কয় যে, শক্তিশালী পৰিবহন আইনৰ জৰিয়তেহে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। ২০২০ চনৰ ভিতৰত পথ দুৰ্ঘটনাৰ সংখ্যা বৰ্তমানৰ তুলনাত ৫০% হ্ৰাস কৰিবলৈ ভাৰত ৰাষ্ট্ৰসংঘৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। পৰিসংখ্যা অনুসৰি পথ দুৰ্ঘটনাত আহত বা নিহত সকলৰ ভিতৰত অধিকাংশই খাটি খোৱা শ্রেণীৰ লোক হয়। এনে লোক পথ দুৰ্ঘটনাত নিহত হলে তেওঁলোকৰ পৰিয়াল কিদৰে আৰ্থিক আৰু মানসিক ভাৱে বিধস্ত হবলগীয়া হয় সেই বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে।পথ দুৰ্ঘটনাত নিহত সকলক শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰৰ কৰ পৰিদৰ্শক ৰাতুল মহন্তই যানবাহন আইন- ২০১৯ ৰ নিয়ম সমূহ পলম কৰি পথ দুৰ্ঘটনা ৰোধ কৰাত সহায় কৰিবলৈ প্ৰতিগৰাকী লোকক আহ্বান জনাই কয় – বিশ্বৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ জৰিয়তে পথ দুৰ্ঘটনাত সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে নৱেম্বৰ মাহৰ তৃতীয় দেওবাৰে এই বিশেষে দিনটো পালন কৰা হয়।প্ৰতিগৰাকী লোকে পথ সুৰক্ষা ব্যৱস্থাৰ দ্বাৰা সৰ্বসাধাৰন লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। শান্তি সমদলৰ শেষত উপস্থিত লোক সকলে বন্তি প্ৰজ্বলন কৰি পথ দুৰ্ঘটনাত নিহত সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীক দুখনকৈ গ্ৰন্থ উপহাৰ দলে অসম পাব্লিচিং কোম্পানীয়ে
সমগ্ৰ দেশতে অভিলেখৰ সৃষ্টি কৰি গুৱাহাটীৰ অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখন কিতাপৰ অসমীয়া সংস্কৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাশক সঞ্জয় কুমাৰ সান্যালৰ হাতৰ পৰা গ্ৰহণ কৰে। এখন কিতাপ হ’ল প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ উদ্দীপনামূলক নিৰ্বাচিত অংশ বিশেষৰ সংকলন মোৰ প্ৰিয় দেশবাসী। কিতাপখনৰ সংকলন কৰিছে নম্ৰতা দত্তই।আনখন কিতাপ হ’ল নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগৰ সময়ছোৱাত কৰা বিভিন্ন উপলদ্ধিৰ প্ৰকাশ আইলৈ চিঠি।
মূল গুজৰাটীৰ পৰা ভাৱনা চোমায়াই ইংৰাজীলৈ কৰা অনুবাদৰ পৰা আইলৈ চিঠিৰ অনুবাদক উৎপল দত্ত।দুয়োখন কিতাপৰ প্ৰচ্ছদ প্ৰসিদ্ধ চিত্ৰশিল্পী সৌৰীশ মিত্ৰৰ আৰু আইলৈ চিঠিৰ অন্তৰ্ভাগৰ অলংকৰণো শ্ৰীমিত্ৰৰেই ।শিৱসাগৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশক শ্ৰীসান্যালক মাতি পঠোৱা হয় আৰু সেই আমন্ত্ৰণ মৰ্মে প্ৰকাশক গৰাকীক প্ৰধানমন্ত্ৰীয়ে নিজৰ কোঠালৈ মাতি নিয়ে তেওঁৰ হাতৰ পৰা কিতাপ দুখন গ্ৰহণ কৰে।
সেই সময়ত প্ৰধানমন্ত্ৰীৰ সতে উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰী সান্যালক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে,প্ৰতিষ্ঠানটিৰ মংগল কামনা কৰে। তেখেতে কয় যে বাধাৰ সন্মুখীন হ’লেও তুমি কাম কৰি যোৱা,কাম বন্ধ নকৰিবা।
প্ৰধানমন্ত্ৰী গৰাকীৰ কেইবাখনো কিতাপ ইতিমধ্যে বিভিন্ন ভাষাত প্ৰকাশ পাইছে যদিও একেলগে এটা ভাষাত দুখন কিতাপ প্ৰকাশ হোৱাটো এয়াই প্ৰথম।প্ৰকাশক শ্ৰী সান্যালে কয় আমাৰ প্ৰকাশনৰ স্বৰ্ণজয়ন্তী উপলক্ষে প্ৰকাশ কৰা কেইখনমান বিশেষ কিতাপৰ মাজৰ এই দুখন কিতাপৰ প্ৰকাশ অকল মোৰ বাবেই নহয় অসমৰ সকলো প্ৰকাশকৰ বাবেই গৌৰৱৰ বিষয়। মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজ আগ্ৰহ প্ৰকাশ কৰি নিজ হাতে দুখন অসমীয়া কিতাপ গ্ৰহণ কৰাটো অসমীয়া গ্ৰন্থ প্ৰকাশন উদ্যোগৰ বাবে সন্মানজনক বুলি মই বিবেচনা কৰো।মই বিশ্বাস কৰো আমি অসমত নেচনেল লাইব্ৰেৰী দৰে বা তেনে জাতীয় বিশাল প্ৰতিষ্ঠান এটি বিচাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশ্চয় সহাঁৰি জনাব।
ভিউৱাছৰ মতামত