কলাগুৰু জনাক সুঁৱৰি

0 320

পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা।

এনেধৰণৰ কালজয়ী গীতে হাজাৰ জনৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা কলাগুৰু বিষ্ঞুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু দিন। সৰ্বগুণসম্পন্ন এই গৰাকী ব্যক্তিৰ সৃষ্টি আঁৰত বিপ্লৱী সত্ত্বা প্ৰতিফলিত হৈছিল। সেই বিপ্লৱৰ ঢৌ আছিল জাতিক জগাই তোলা। উদাহৰণ স্বৰূপে— ‘ব’ল ব’ল ব’ল কৃষক শক্তি দল’, ‘নিচলা আইৰে’ আদি ৰাভাৰ কালজয়ী গীতসমূহৰ অন্যতম। তেখেত এজন সুনিপুণ চিত্ৰকৰো আছিল। ১৯২৮ চনতে শংকৰদেৱৰ প্ৰথমখন চিত্ৰ অংকন কৰিছিল।

এক কথাত ক’বলৈ গ’লে বিষ্ঞু ৰাভা আছিল এক জীৱন্ত ধুমুহা। বিষ্ঞুপ্ৰসাদ ৰাভা আছিল মাৰ্ক্সবাদত বিশ্বাসী। সেয়ে তেওঁ শিল্পী, সাহিত্যিক হেমাংগ বিশ্বাসৰ আগত এনেদৰে কৈছিল, মাৰ্ক্সবাদে মোৰ চঞ্চল জীৱনলৈ আনি দিছে সাগৰ সংগমৰ পূৰ্ণ গভীৰতা।সচাঁকৈয়ে গণ বিপ্লৱৰ অবিহনে জীৱন থাকিব নোৱাৰে।

যিহেতু বিষ্ঞুপ্ৰসাদ ৰাভা আছিল এগৰাকী বিপ্লৱী নেতা। ৰাভাই জীৱনৰ বেছি ভাগ সময় পলাই ফুৰিব লগা হৈছিল আৰু তেওঁৰ সৃষ্টিৰাজিও এনে পৰিবেশতে প্ৰাণ পাইছিল। সেয়ে তেওঁৰ বহু লিখা হেৰাই যোৱা বুলি সহজে অনুমান কৰিব পাৰি। বিভিন্ন তথ্য আৰু অনুসন্ধান কৰি তেওঁৰ যিখিনি সৃষ্টি উদ্ধাৰ কৰা হৈছে তাক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে আজিৰ প্ৰজন্মই যাতে এই স্বভাৱ শিল্পী জনাৰ বিষয়ে গবেষণা কৰিব পাৰে তাৰ প্ৰতিও চৰকাৰ তথা শৈক্ষিক সমাজে ভূমিকা গ্ৰহণ কৰিব লাগে।

শেষত এই মহান শিল্পী জনাৰ মহাপ্ৰয়ানৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছো।

Leave A Reply

Your email address will not be published.