জুবিন গাৰ্গলৈ শুভেচ্ছাৰে

0 322

সুৰৰ যাদুৰে সকলোকে মোহিত কৰিব পৰা এজন ব্যক্তি।নাম জুবিন গাৰ্গ ।ব্যক্তিজনৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে মোহিত কৰে।দেখাত সাধাৰণ যেন লগা ব্যক্তিজনৰ কথা বতৰাত নিহিত হৈ থাকে সমাজ সেৱাৰ মনোভাৱ, সমাজলৈ ব্যতিক্ৰমভাৱে কিবা এটা কৰাৰ মনোভাৱ ।সেয়ে গান জৰিয়তে তেখেতে সমাজক দিছে নতুনৰ সন্ধান ।বানপানীৰ সময়তে হওক অথবা আৰ্তজনৰ বিপদৰ সময়তে হওক, তেখেত হৈ পৰে, একোজন ত্ৰাণকৰ্তা।যাৰ বাবে তেখেত সকলোৰে আপোন।শিশুসুলভ আচৰণ, প্ৰকৃতি প্ৰেম জুবিন গাৰ্গৰ ব্যক্তিত্বৰ অন্য এক ৰূপৰেখা। তেখেতৰ  কণ্ঠৰ গানে বহুতৰ প্ৰাণত আনন্দৰ সঞ্চাৰ কৰে।জীয়াবলৈ সঞ্জীৱনী যোগায়।সেইজনা বিশেষ ব্যক্তিৰ ওপজা দিনত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহু শুভকামনা জনালো ।

Leave A Reply

Your email address will not be published.