দীপাৱলীৰ কিছু প্ৰাসংগিক কথাৰে

0 338

ভাৰতত উদযাপিত হোৱা উৎসৱ সমূহৰ ভিতৰত দেৱালী বা দীপাৱলী হ’ল এনে এটা উৎসৱ,যিটো উৎসৱ বিভিন্ন ধৰ্মালম্বীৰ লোক সকলে পালন কৰে।এই উৎসৱৰ পৰম্পৰা অথবা ৰীতি ভিন্ন হ’লেও বন্তি অথবা চাকি সকলোৱে জলায়।সেয়েহে এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ।ধৰ্মীয় মান্যতাৰ অনুসৰি ৰামে ১৪বছৰ বনবাসত থাকি যেতিয়া অযোধ্যালৈ আহিছিল তেতিয়া প্ৰজাগণে বিজয়ৰ উৎসৱ আয়োজন কৰিছিল ।আন এটা প্ৰবাদ অনুসৰি দীপাৱলীৰ আগ দিনা শ্ৰীকৃষ্ঞই শংখচুৰক বধ কৰি ১৬০০ গোপীক মুক্ত কৰিছিল, তাৰ বাবে প্ৰজাগণে দীপাৱলী অনুষ্ঠিত কৰে ।জৈন সকলৰ বিশ্বাস অনুসৰি জৈনসকলে আজিৰ দিনটোত নিৰ্বাণ প্ৰাপ্ত হৈছিল আনহাতে শিখসকলে পৰম্পৰা অনুসৰি তৃতীয় ধৰ্মগুৰুৰ আৰ্শীবাদ লয়।বেংগলী সকলে কালি পূজা আৰু ঠাই বিশেষে লক্ষ্মী পূজা পালন কৰা হয় ।এই উৎসৱ যিহেতু আনন্দৰ উৎসৱ।সেয়েহে ৰংগুলীৰ লগতে আতচবাজীৰো জলোৱা হয় ।পোহৰৰ উৎসৱে যাতে শব্দৰ প্ৰদূষণ অথবা পৰিবেশ প্ৰদূষণৰ সৃষ্টি নকৰে তাৰ প্ৰতি সকলোৱে সচেষ্ট হোৱা উচিত।শেষত সকলোকে দীপাৱলীৰ শুভকামনা জনালো।

Leave A Reply

Your email address will not be published.