নিৰৱ ঘাটক কিকি চেলেঞ্জ

0 347

Kiki, do you love me/Are you riding? Say you will never ever leave from beside me/Cause i want ya and i need ya/say you will never and i m ever leave down for you always.

 

একেবাৰে ব্যস্ত অথবা একেবাৰে নিজান হোৱা এটা ৰাজপথ আৰু এখন গাড়ী। গাড়ীখনত কিকিৰ গান বাজিছে। হঠাৎ কিকি গানৰ চেলেঞ্জ অনুসৰি এগৰাকীয়ে গাড়ীৰ দৰ্জা খুলি ৰাজপথত গাড়ীৰ চালকক অনুসৰণ কৰি ডাঞ্চ কৰিছে। অলপ সময় ডাঞ্চ কৰা পিছত কিকি গানৰ তালত ইমানেই মুগ্ধ হৈ গৈছে যে ডাঞ্চাৰ গৰাকীৰ অঘটন ঘটিছে। কিয়নো ইতিমধ্যে ডাঞ্চাৰ গৰাকীক গাড়ীয়ে মহতিয়াই নিছে। এয়া কোনো কল্পনা অথবা চিনেমাৰ কাহিনী নহয়। এয়া বৰ্তমান সময়ৰ প্ৰজন্মৰ আসক্তি আৰু বাস্তৱৰ এখন জীয়া প্ৰতিছবি। ব্লু হোৱেল গেমৰ নিচিনাকৈ কিকি ডাঞ্চে মৃত্যুদূত হৈ ধৰা দিছে।

কানাডীয়ান গান কিকিয়ে এতিয়া দেশ কপাই তুলিছে। কেৱল বিদেশতে নহয় ভাৰততো ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। আচলতে কিকিৰ গানত যাদু আছে। কিকিৰ গানত মোহিত হৈ আছে প্ৰত্যেকজন। কিকি চেলেঞ্জৰৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। গানৰ যি যাদুত মোহিত হয় প্ৰত্যেকজন। বিশেষকৈ টিনএজাৰ সকল যাতে এনে ভয়াবহ চেলেঞ্জত নপৰে লক্ষ্য ৰখাটো নিতান্ত্য জৰুৰী। সেয়েহে সমসাময়িক শিতানত এনে এটা লেখা সন্নিবিষ্ট কৰা হ’ল।

Leave A Reply

Your email address will not be published.