ফেচবুকৰ ইতিবাচক দিশেৰে

0 1,023

সমগ্ৰ বিশ্বতে বহুলভাৱে ব্যৱহৃত সামাজিক মাধ্যম বুলিলে ফেচবুকৰ কথা ক’ব পাৰি।২০০৪ চনৰ আজিৰ দিনটোতে ফেচবুকৰ জন্ম হৈছিল ।সেই সময়ত আমেৰিকাৰ হাৰভাৰ্ড ইউনিভাৰচিটিৰ মনোবিজ্ঞান বিভাগৰ ছাত্ৰ মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ ৱেবচাইট আমেৰিকাৰ জনসাধাৰণৰ বাবে মুকলি কৰিছিল।চাইটটোৱে জন্ম লগ্নৰ পৰাই সমাদৰ লাভ কৰিছিল।সেই সময়ত ফেচবুকত এটা একাউণ্ট খুলিবলৈ বৈধ ই মেইল আই ডি থকা ১৩ বছৰীয়া কিশোৰেও পাৰিছিল।২০০৬চনৰ পৰা ফেচবুকে প্ৰসাৰতা লাভ কৰিলে।ইমানেই প্ৰসাৰিত হ’ল যে গ’গুল, য়া’হোত ফেচবুক উপলব্ধ হ’ল।২০১২চনৰ এক সমীক্ষা অনুসৰি প্ৰায় ৫০ মিলিয়ন লোকে ফেচবুক ব্যৱহাৰ কৰে।দিনে দিনে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।ঠিক সেইদৰে বৃদ্ধি পাইছে জনসচেতনতা, জনজাগৰণতা।ফেচবুক বৰ্তমান সময়ৰ এক শক্তিশালী মাধ্যমত পৰিণত হৈছে ।জনমত গঠন কৰা, বাতৰি প্ৰকাশ কৰা, ব্যৱসায় সম্প্ৰসাৰণ কৰা, দলীয় কাম কাজ প্ৰচাৰ কৰা, বন্ধুত্বৰ যোগসূত্ৰ ৰখা অন্যতম ।ফেচবুক দিনে দিনে আৰু অধিক প্ৰসাৰিত হওক, মানৱ জাতিক দি যাওক নতুন স্বাদ, নতুনৰ অভিযান।আজিৰ দিনটোত তাকে কামনা কৰিলো ।

Leave A Reply

Your email address will not be published.