বজাৰত ভিৰ হৈছে

0 280

পূজা সমাগত।সকলোৱে ব্যস্ততা বাঢ়িছে। পূজা কমিটিবোৰৰ পৰা আদি কৰি খনিকৰজনলৈকে সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।ইয়াৰ সমান্তৰালভাৱে  ব্যৱসায়ীসকল ব্যস্ত হৈ পৰিছে ।কাৰণ বজাৰত মানুহৰ ভিৰ বাঢ়িছে ।ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে সেয়ে চুটি নোপোৱা হৈছে অথবা অভাৰ টাইম ডিউটী কৰিব লগা হৈছে।মানুহৰ ভিৰৰ বাবেই পদপথত নানা খুচুৰা ব্যৱসায় গঢ়ি উঠিছে। ফেন্সি বজাৰত উপস্থিত হৈ ব্যৱসায় প্ৰতিষ্ঠান কেইখনত বিক্ৰীৰ সম্পৰ্কে জানিবলৈ বিচৰাত এজন ব্যৱসায়ীয়ে এইদৰে মন্তব্য কৰে-আমাৰ ইয়াত পুৰুষৰ পোছাকতকৈ মহিলাৰ পোছাক যথেষ্ট ক্ৰয় হৈছে। গ্ৰাউণ্ড,কু্ৰ্টি,লং স্কাৰ্ট আদি এইবাৰ ফেশ্বনত আহিছে। সমান্তৰালভাৱে শাৰী আৰু চাদৰ মেখেলাও ক্ৰয় কৰিছে। পুৰুষৰ পোছাকৰ ভিতৰত চাৰ্ট,কুৰ্টা আদিবোৰ ক্ৰয় কৰিছে।আনহাতে একাংশই ঠাণ্ডা দিন অহাৰ বাবে ঠাণ্ডাৰ পোছাক ক্ৰয় কৰা পৰিলক্ষিত হৈছে।শ্বংপি মল বিলাকতো গ্ৰাহকৰ সমাগত বঢ়াৰ পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.