অদৃষ্টৰ খোজ উন্মোচন

0 201

শিক্ষাবিদ তথা সমালোচক ড শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ প্ৰথম উপন্যাস ‘অদৃষ্টৰ খোজ’শীৰ্ষক  এখন গ্ৰন্থ উন্মোচনী সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে অৱসৰপ্ৰাপ্ত শিক্ষক ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত আয়োজন কৰা সভাত ‘অদৃষ্টৰ খোজ’ উন্মোচন কৰে উপন্যাসিক গৰাকীৰ মাতৃ কুসুম কুমাৰী ঠাকুৰীয়াই।
 
 
এগৰাকী মাতৃ হিচাপে তেওঁ নিজৰ পুত্ৰৰ উপন্যাস এখন উন্মোচন কৰিবলৈ পাই গৌৰৱান্বিত হোৱা বুলি উল্লেখ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ কাব্য জগতৰ এগৰাকী বিশিষ্ট কবি নৰেন মজুমদাৰে নিজৰ বক্তব্যত কয় – জীৱনৰ প্ৰথম উপন্যাস ‘অদৃষ্টৰ খোজ’ স্ৰষ্টা  শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই সামাজিক পটভূমিত লিখা উপন্যাসখনে ভাগ্যৰ পৰিহাসত মানুহ কিদৰে অসহায় অৱস্থাত পৰে সেয়া উপস্থাপন কৰিবলৈ চেষ্টা কৰা বুলি কয়। আন এগৰাকী অতিথি সমাজকৰ্মী নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই ভাষণ ৰাখি নিজৰ ভাতৃৰ উপন্যাসখনে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াব বুলি উল্লেখ কৰে।
 
 
সাংবাদিক পৰিষদ অসমৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক তথা সাংবাদিক, গল্পকাৰ পবিত্ৰ কুমাৰ দাসে ভাষণ প্ৰদান কৰি ২৩৬ পৃষ্ঠাৰ এখন বৃহৎ কলেবৰৰ উপন্যাস ছয়মাহৰ ভিতৰত লিখি প্ৰকাশ কৰা কাৰ্য সহজ নহয় বুলি কয়। উপন্যাসিক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই লকডাউনৰ সময়খিনি এক মহৎ সৃষ্টিৰ কামত ব্যৱহাৰ কৰা বাবে তেওঁক দাসে বিশেষ ভাৱে অভিনন্দন জনায়। সভাত জ্যেষ্ঠ সাংবাদিক বলেন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ ঠাকুৰীয়া, দেৱেশ্বৰ নাথ, সাংবাদিক হিতেশ কলিতা, মিলন মহন্ত, ভৱানী ঠাকুৰীয়া, অলিবন ঠাকুৰীয়া আদিয়ে ভাষণ প্ৰদান কৰি লেখক ড০ ঠাকুৰীয়াৰ পৰা ভৱিষ্যতেও নতুন গ্ৰন্থ পঢ়িবলৈ পাম বুলি আশা প্ৰকাশ কৰে। শেষত লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই উপন্যাসখনৰ ভিতৰত সামাজিক অৱক্ষয় আৰু মানৱতাৰ বিজয়ৰ কাহিনীৰে তেওঁৰ জীৱনৰ প্ৰথম উপন্যাস ‘অদৃষ্টৰ খোজ’ পাঠকৰ হাতত তুলি দিবলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.