আনুষ্ঠানিকভাৱে মুকলি হ’ল আৰ জি বৰুৱা পথ সংযোগী উৰণীয়া সেঁতু

0 206

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি গণেশগুৰি চাৰিআলি আৰ জি বৰুৱা পথৰ পৰা বিষ্ণু ৰাভা উৰণীয়া সেঁতু সংযোগী নতুনকৈ নিৰ্মাণ কৰি উলিওৱা উৰণীয়া সেঁতুখন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। ৪২৫.৫০ মিটাৰ দৈর্ঘৰ এই উৰণীয়া সেঁতুখন ২০১৮-১৯ বৰ্ষৰ ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ৫৮.৭৪ কোটি টকা ব্যয়ৰে লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে।
 
 
এই উৰণীয়া সেঁতুখন আধাশিলা ২০১৯ চনৰ ৬ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্থাপন কৰিছিল।এই সেঁতুখন নিৰ্মাণৰ লক্ষ্য ৩০ মাহ ধার্য কৰা হৈছিল যদিও মাত্ৰ ১৯ মাহৰ ভিতৰতে মেচাৰ্ছ গৌতম কনণ্ট্ৰাকচনৰ দ্বাৰা সম্পূৰ্ণ কৰা হৈছে।
 
উৰণীয়া সেঁতুখন উদ্বোধন কৰি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি লক্ষ্য নিৰ্দ্ধাৰিত সময়ৰ বহু পূৰ্বে এই সেঁতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ন কৰা দিশটোৱে ৰাজ্য চৰকাৰৰ সু-শাসনৰ এক উজ্জ্বল পৰিচায়ক বুলি মুখ্যমন্ত্ৰীয়ে কয়।লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত বিভাগে এই প্ৰকল্পটো যথেষ্ট দ্ৰুততাৰে সম্পন্ন কৰা বাবে মুখ্যমন্ত্ৰীয়ে বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শলাগ লয়।বৰ্তমান ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ পৰা ৰাজ্য চৰকাৰখনে প্ৰকল্প সমূহ মানসম্পন্ন তথা সময় নিৰ্ধাৰিত ভাৱে সম্পূৰ্ণ কৰা দিশত যথোচিত গুৰুত্ব আৰোপেৰে সু প্ৰশাসন প্ৰতিষ্ঠা দিশত নিৰৱছিন্নভাৱে কৰ্মত ব্ৰতী হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
 
 
গুৱাহাটীক ৰাজ্য খনৰ আত্মা বুলি উল্লেখ কৰি তেখেতে কয় যে বিশ্ব প্ৰেক্ষাপটত গুৱাহাটীক দাঙি ধৰা বাবে ৰাজ্য চৰকাৰে বহু সংখ্যাক আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণৰ লগতে উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।মহানগৰীখন আঢ়ৈ কথা মাটিৰ পৰ্যন্ত দ্বিতীয় মহলালৈকে গৃহ নিৰ্মাণ দিশত জি এম ডি এ আৰু জি এম ডি চি এ অনলাইন জৰিয়তে থিতাতে অনুমোদন জনোৱা বাবে অলপতে মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনি শুভাৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মহানগৰী গৃহ সমূহৰ বাবে এক সুকীয়া ৰং ব্যৱহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে ইয়ে এক সুকীয়া পৰিচয় বহন কৰিব পাৰে।মুখ্যমন্ত্ৰীয়ে এই দিশত এক আলাপ আলোচনা আৰম্ভ কৰা বাবে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক আহ্বান জনায় যাতে এই বিষয়ত এক সহমতত উপনীত হ’ব পৰা যায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মহানগৰীত চুপাৰ মাৰ্কেট আৰু মালিগাঁৱত অলপতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা উৰণীয়া সেঁতুসহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৰ্বমুঠ ১৬ খন উৰণীয়া সেঁতু কাম চলি আছে। মহানগৰী ৰিহাবাৰীৰ সৈতে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত সংযোগ কৰি এখন নতুন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে প্ৰস্তাৱ লোৱা হৈছে বুলিও তেওঁ কয়।মহানগৰী ৰিহাবাৰী পৰা পানবজালৈ এক্সপেজ ক’ৰিডৰ তথা চান্দমাৰি পৰা নুমমাটিলৈ ইলেভেটেট উৰণীয়া সেঁতু নিৰ্মাণৰ দৰে আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণৰ বাবে চৰকাৰে পৰিকল্পনা কৰি আছে বুলিও মন্ত্ৰী গৰাকীয়ে কয়।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰকল্প ৰূপায়ণৰ সৈতে জড়িত নির্মান কোম্পানীৰ প্ৰতিনিধি তথা লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে। লোক নিৰ্মাণ আয়ুক্ত সচিব ৰাজেশ কেম্পাই ,চাহ জনজাতি কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ৰূপক শৰ্মা,লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী,মুখ্য অভিযন্তা দিলীপ কুমাৰ হাজৰিকা,দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ লগতে বহু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.