উদ্ভাৱনীমূলক কৃষি বঁটা লাভ কৰিলে যোৰহাটৰ উদ্যমীয়ে

0 312

উদ্ভাৱনীমূলক কৃষিৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান আজুৰিলে যোৰহাটৰ এজন যুৱকে।দীৰ্ঘদিন ধৰি কৃষিকৰ্মৰ লগত জৰিত থকা যোৰহাটৰ সমীৰ বৰদলৈ নামৰ যুৱকজনে লাভ কৰিলে উদ্ভাৱনীমূলক কৃষক বঁটা।ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই এ আৰ আইয়ে যোৱা ৭ মাৰ্চত বৰদলৈক এই বঁটা প্ৰদান কৰে।উল্লেখযোগ্য যে সমীৰ বৰদলৈয়ে যোৰহাটৰ তিতাবৰৰ বিভিন্ন আত্মসহায়ক গোটক আৱৰ্জনা পুনৰ ব্যৱহাৰ আৰু কেঁচুসাৰ উৎপাদনৰ বাবে বিশেষ ভাৱে অনুপ্ৰেৰণা দি আহিছে ।মাটি বিহীন খেতি কিদৰে কৰিব পাৰি সেই সম্পৰ্কেও তেখেতে গৱেষণা অব্যাহত ৰাখিছে।স্মতব্য যে সমীৰ বৰদলৈৰ সোণাপুৰ এন ই ফাৰ্ম লানি চেণ্টাৰ শীৰ্ষক এক বিশেষ প্ৰতিষ্ঠান আছে।

Leave A Reply

Your email address will not be published.