এন ই পি আৰ কনক্লেভৰ প্ৰস্তুতি

0 222

পি আৰ এছ আই গুৱাহাটী চেপ্তাৰৰ উদ্যোগত কালিলৈ অনুষ্ঠিত হ’ব পাব্লিক ৰিলেচন ইন বিল্ডিং গেপছ শীৰ্ষক এক অনুষ্ঠান ।উত্তৰ পূৰ্বাঞ্চলৰ পি আৰ কনক্লেভৰ এই সংস্কৰণটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। এই অনুষ্ঠানত নুমলীগড় শোধানাগাৰ লিমিডেটৰ (এন আৰ এল) পৰিচালন সঞ্চালক এছ কে বৰুৱাই মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিব। ৰিঠম কমিউনিকেশ্বনৰ মুখ্য সঞ্চালক বিষয়া (চি ই অ) ভাৰতৰ পি আৰৰ পুৰোধা ৰীতা ভিমানী, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ্ প্ৰাইভেট লিমিটেডৰ চি এম ডি ৰিণিকী ভূঞা শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। কনক্লেভৰ উদ্ধোধনী অনুষ্ঠানৰ পিছত দুখন কাৰিকৰী সত্ৰ অনুষ্ঠিত কৰা হ’ব। এই সত্ৰ দুখনত পি আৰ আৰু চি চি বিশেষজ্ঞ কনক্লেভৰ শীৰ্ষকৰ ওপৰত অভিজ্ঞতা আৰু অনুভৱ অভিমত ব্যক্ত কৰিব। আনহাতে কনক্লেভৰ সামৰণি অনুষ্ঠানত অসমীয়া থিয়েটাৰ চিনেমা অভিনেতা প্ৰাঞ্জল শইকীয়াই উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।

Leave A Reply

Your email address will not be published.