কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 276

সাংস্কৃতিক, সামাজিক আৰু আধ‍্যাত্মিকভাৱে অসমৰ সমাজ জীৱন শক্তিশালী কৰাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰয়ে বিগত বৰ্ষ সমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামত বাস কৰা জনসাধাৰণৰ মাজত সমন্বয় সুদৃঢ় কৰাৰ লগতে কলাক্ষেত্ৰই বহু প্ৰতিভাসম্পন্ন শিল্পী সৃষ্টি কৰিছে। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ চৌহদত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। উল্লেখ‍্য যে প্ৰায় এবছৰ বিৰতিৰ মূৰত কালি প্ৰতিষ্ঠা দিৱস উদ্ যাপনৰ কাৰ্য্যসূচীৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে।
 
মুখ্যমন্ত্ৰী সোণোৱালে কয় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধ‍্যমেদি গুৰুজনাৰ সমন্বয় আৰু একতাৰ আদৰ্শ সুদৃঢ় কৰিবলৈ কাম কৰিব লাগিব। ৰাজ্যৰ ৩ কোটি ৩০ লাখ জনসাধাৰণৰ মাজতে কলাক্ষেত্ৰৰ গুৰুত্ব আৰু ভূমিকা সীমাবদ্ধ নাৰাখি বিশ্বত অসমীয়া জাতিক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাত এই সাংস্কৃতিক প্ৰতিষ্ঠানে যাতে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে সেই লক্ষ্যৰে কাম কৰিব লাগিব।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে মুখ্য ভূমিকা লোৱা তদানীন্তন মুখ‍্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত বিশিষ্ট ব‍্যক্তিসকলৰ অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সম্পদ আৰু সম্ভাৱনীয়তা উঠি অহা প্ৰজন্মক অৱগত কৰাৰ প্ৰয়োজন আছে।
 
মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ঠাইত নিজৰ শাখা প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আদৰ্শ বিয়পাবলৈ পদক্ষেপ গ্ৰহণ কৰিব। সমাজ একত্ৰিত কৰা আৰু ব‍্যক্তিৰ জৰিয়তে অন্তৰ জয় কৰাৰ গুৰুজনাৰ আদৰ্শ আগুৱাই নিলে বিশ্বই সেই আদৰ্শ আদৰি ল’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে কলাক্ষেত্ৰৰ চোৱা চিতাৰ দায়িত্ব কেৱল কলাক্ষেত্ৰ ওপৰতে এৰি নিদি সমগ্ৰ সমাজখনে এই দায়িত্ব বহন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।অনুষ্ঠানত মন্ত্ৰী নৱ কুমাৰ দলে,চন্দ্ৰ মোহন পাটোৱাৰী,সিদ্বাৰ্থ ভট্ৰাচাৰ্য্য,বিধায়িকা আগুৰলতা ডেকা,সাংসদ কুইন ওজাকে প্ৰমুখ্য কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.