চাবুৱাত ক্ৰীড়া সন্থা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

0 238

ৰাজ্যখনৰ ক্ৰীড়া অন্ত:গাঁথনি শক্তিশালীকৰণ অন্যতম পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাবুৱাৰ দেওধাইত চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু চাবুৱা ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে।উল্লেখযোগ্য যে ২০১৮-১৯ বৰ্ষৰ চিগনেশ্বাৰ প্ৰকল্পৰ অধীনত প্ৰায় ৯.৮৮ কোটি টকা ব্যয়ৰে চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ২.৩৩কোটি টকা ব্যয়ৰে ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ হ’ব।
 
 
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশ সবকা বিশ্বাসৰ সাৰ্বজনীন নীতি সাৰোগত কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৬ চনৰ পৰা বিগত চাৰে চাৰি বছৰ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।
 
 
 
বৰ্তমান ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক পদক্ষেপেৰে ৰাজ্য খনৰ সামগ্ৰিক প্ৰতিচ্ছবি সলনি কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰখনে যি প্ৰতিশ্ৰুতিয়ে শাসনত অধিষ্ঠিত হৈছিল সেই প্ৰতিশ্ৰুতি ৰূপায়ণৰ বাবে দৃঢ়তাৰে কাম কৰি এখন আত্মনির্ভশীল অসম গঢ়াৰ দিশত শক্তিশালী পদক্ষেপ লৈ আহিছে। ইয়াৰ ফলস্বৰূপেই ৰাজ্য খনৰ যুৱ শক্তি বিভিন্ন ক্ষেত্ৰত জিলিকি উঠিছে আৰু ৰাজ্যৰ কৃষি খণ্ড বিকাশৰ দিশত নতুন যাত্ৰাৰ সূচনা কৰিবলৈ সক্ষম হৈছে বুলি তেখেতে কয়।
 
খিলঞ্জীয়া ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত নহ’লে জাতিৰ অস্তিত্ব নাথাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সেই উদ্দেশ্যে আগত ৰাখিয়ে বৰ্তমান চৰকাৰখনে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্ৰা আৰু অনুমোদন পত্ৰ বিতৰণ দৰে দূৰদৰ্শী আঁচনি লৈছে বুলি কয়। এই আঁচনি কেৱল মাত্ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰা আঁচনি নহয় বুলি উল্লেখ কৰি জাতিৰ স্থায়ী নিৰাপত্তা প্ৰদানৰ বাবেহে এনেধৰণৰ বলিষ্ঠ পদক্ষেপ বৰ্তমান ৰাজ্য চৰকাৰখনে লৈছে বুলি মন্তব্য কৰে।
 
 
এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ,তেৰচ গোৱালা আৰু বিনোদ হাজৰিকা। ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ,অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জে পি বাৰ্মাকে ধৰি বহু সংখ্যাক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.