ডক্টৰ বি আৰ আম্বেদকাৰৰ চিন্তা আৰু দৰ্শনৰে

0 239

আজি ড° বি আৰ আম্বেদকাৰৰ মৃত্যু দিৱস। ডক্টৰ বি আৰ আম্বেদকাৰে ভাৰতৰ সংবিধান প্ৰণয়ন কৰিছিল।তেখেত একেধাৰে ৰাজনীতিবিদ,ন্যায়বিদ, আৰু সমাজ চিন্তক আছিল।
সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ কল্যাণৰ বাবে তেখেতে অহৰহ প্ৰচেষ্টা চলাইছিল।তেখেতৰ চিন্তা আৰু দৰ্শন আছিল নতুন ভাৰতৰ সপোন।সেয়েহে তেখেতে কৈছিল মই এনেকুৱা ধৰ্মক বিশ্বাস কৰো যি স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ কথা শিকায়।
মহান ব্যক্তি আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ মাজত থকা পাৰ্থক্য সম্বন্ধে তেখেতে এনেদৰে কৈছিল- এজন মহান ব্যক্তি আৰু প্ৰতিষ্ঠিত ব্যক্তি মাজত পাৰ্থক্য আছে।কিয়নো মহান ব্যক্তিজনেহে সমাজত সেৱা আগবঢ়াবলৈ প্ৰস্তুত থাকে।
শিক্ষা সম্বন্ধেও তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই গৈছে। তেখেতে কৈছিল শিক্ষা যিমান পুৰুষৰ বাবে আৱশ্যক সিমান মহিলাৰ বাবেও আৱশ্যকীয়।তেখেতে কৈছিল ইতিহাসে কয় য’ত নৈতিকতা আৰু অৰ্থশাস্ত্ৰ মাজত সংঘৰ্ষ হয় তেতিয়া অৰ্থশাস্ত্ৰই জয়ী হয়। ডক্টৰ বি আৰ আম্বেদকাৰ মৃত্যুৰ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে সোঁৱৰিছো।

Leave A Reply

Your email address will not be published.