ঢকুৱাখনাৰ সু লেখিকা নয়নমণি দাসৰ কাব্য গ্ৰন্থ সৰা সপোনৰ এধাৰি মালা উন্মোচন

0 410

নিজস্ব সুনিপুন লিখন শৈলীৰে কাব্যিক অভিব্যক্তি প্ৰকাশেৰে পাঠক সমাজৰ মাজত সমাদৃত হোৱা ঢকুৱাখনাৰ নৱ প্ৰজন্মৰ  প্ৰতিশ্ৰুতি সম্পন্ন কাব্য শিল্পী নয়নমণি দাসৰ দ্বিতীয় কাব্য গ্ৰন্থ সৰা সপোনৰ এধাৰি মালা শীৰ্ষক এখন সুখ পাঠ্য কাব্য সাহিত্য শনিবাৰে  শুভ উন্মোচন কৰা হয়। কৈৱৰ্ত নৱ জাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ-অসমৰ উদ্যোগত, অসম সাহিত্য সভাৰ সৌজন্যত  বিশ্বনাথ জিলাৰ সিপৰীয়া শাখা সাহিত্য সভাই আয়োজন কৰা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানত শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত কাব্য গ্ৰন্থখন উন্মোচন কৰে বিশিষ্টা লেখিকা ,সমাজ হিতৈষী মহিলা মৃণালিনী দেৱীয়ে। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত গুৱাহাটীৰ পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ৮০ টা নিৰ্বাচিত কবিতা বিশিষ্ট কাব্য গ্ৰন্থখন  উন্মোচন কৰাৰ পাছত  অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই দাসৰ সৃষ্টিৰাজিৰ মাজত অত্যন্ত প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী সফল লেখিকাৰ উমান পোৱা যায় বুলি কৈ  দাসৰ নবতম সৃষ্টি কাব্য গ্ৰন্থখনে নিশ্চিত ভাবে পাঠক সমাজৰ মৰম বুটলিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। মনোজ্ঞ উন্মোচনী সভাতে অসম সাহিত্য সভাৰ আজীৱন সদস্য নয়নমণি দাসক অসম সাহিত্য সভাই এগৰাকী প্রক্রিশ্ৰুতি সম্পন্ন সু লেখিকা হিচাবে  উষ্ণ সম্বৰ্ধনা জনাই প্ৰশস্তি পত্ৰ প্ৰদান কৰে । সভাতেই নগাঁও কামপুৰৰ লেখক দীপ দাসৰ গল্প পুথি  ” তেজৰ ধূসৰিত পৃষ্ঠা”খনো উন্মোচন কৰা হয় ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.