ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাসৰ সমুজ্জ্বল চানেকি স্বৰূপ ১৮৭২ চনতে ঢকুৱাখনা সদৰত স্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ডেৰশ বছৰত উপনীত হোৱাৰ সময় সমাগত। অহা ২০২২ বৰ্ষত শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠাৰ ডেৰশ বছৰত ভৰি দিয়াৰ প্ৰাকক্ষণত সোণসেৰীয়া অতীতৰ বৰ্ষ জোৰা ৰোমন্থনৰ লক্ষ্যৰে অলপতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । গৰিষ্ঠ সংখ্যক নাগৰিক , প্ৰাক্তন ছাত্ৰ , অভিভাৱক আৰু শুভাকাংক্ষীৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে আহ্বায়ক সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিক্ষানুৰাগী ৰাইজে ৰাজ্য চৰকাৰৰ লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী,তথা শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণ আৰু বিধায়ক নব কুমাৰ দলেক পৃষ্ঠপোষক, শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুক সভাপতি,সেৱক চুতীয়াক কাৰ্যকৰী সভাপতি , পূৰ্ণানন্দ গগৈ , পূস্পা গগৈ, কেশব গগৈ, ডিম্বেশ্বৰ চাংমাইক উপ সভাপতি, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচক সাধাৰণ সম্পাদিকা, সহকাৰী শিক্ষক নৰেন শইকীয়া , কামাখ্যা শইকীয়া আৰু শুভ দাসক সহকাৰী সাধাৰণ সম্পাদক , ভাস্কৰ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩১ জনীয়া কাৰ্যকৰী সমিতি সৰ্বসন্মতভাৱে গঠন কৰা হয় । লগতে প্ৰয়োজনীয়তা অনুসৰি এই সমিতিয়ে আৰু সক্ৰিয় সদস্য সংযোজন কৰিব পাৰিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু পৰবৰ্তী সময়ত উদযাপন সমিতিখনে বিভিন্ন উপ সমিতি সমূহ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় । ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমানৰ প্ৰতীক স্বৰূপ বিদ্যালয়খনৰ আগত ডেৰশ বছৰীয়া জয়ন্তী সফল উদযাপনৰ বাবে নবগঠিত উদযাপন সমিতিখনৰ হৈ সম্পাদক ,প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা।,দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন