তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন-প্ৰিজাইডিং পোলিং বিষয়াৰ প্ৰশিক্ষণ আৰু আশা কৰ্মীৰ উপায়ুক্ত সভা অনুষ্ঠিত

0 185

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ৬ টা সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে নিয়োজিত হ’বলগীয়া প্ৰিজাইডিং পোলিং বিষয়া সকলৰ প্ৰশিক্ষণ আজিৰে পৰা কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে।
জিলাখনৰ অন্তৰ্গত তিৱা স্বায়ত্ত। শাসিত পৰিষদৰ ৬ টা সমষ্টিৰ সৰ্বমুঠ ১০০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে নিয়োজিত ১৩২ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ১৩২ গৰাকী প্ৰথম পোলিং বিষয়াক আজি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।কাইলৈ দ্বিতীয় আৰু তৃতীয় পোলিং বিষয়াৰ প্ৰশিক্ষন অনুষ্ঠিত হ’ব কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মা অতিৰিক্ত উপায়ুক্তদ্বয় মুনীন্দ্ৰ বৰদলৈ আৰু পল্লৱী কছাৰী , সহকাৰী আয়ুক্তদ্বয় শ্ৰৱণা সোণোৱাল আৰু জিতুৰাজ গগৈৰ লগতে কেইবাগৰাকীও মাষ্টাৰ ট্ৰেইনাৰে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলক তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বিধি-বিধান আৰু বিষয়া সকলে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত প্ৰশিক্ষন দিয়ে। অহা ১৪ ডিচেম্বৰৰ দিনা প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলৰ চূড়ান্ত প্ৰশিক্ষণ অনুষ্ঠিত হ’ব।
আনহাতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত নিয়োজিত হ’বলগীয়া স্বাস্থ্য বিভাগৰ আশা কৰ্মীসকলক নিৰ্বাচনৰ দিনা তেওঁলোকে পালন কৰিব লগীয়া দায়িত্ব আৰু কৰ্তব্য বিষয়ে বিস্তৃত ভাৱে অৱগত কৰে।
উল্লেখ্য যে অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত প্রতিটো ভোটগ্ৰহন কেন্দ্ৰতে একোগৰাকীকৈ আশা কৰ্মী নিয়োগ কৰা হ’ব আৰু তেওঁলোকে নিৰ্বাচনৰ দিনা ভোটদান কৰিবলৈ অহা ভোটাৰ সকলক থাৰ্মেল স্কেনাৰেৰে পৰীক্ষা কৰিব। ক’ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাইয়ো সভাত আশা কৰ্মী সকলে নিৰ্বাচনৰ দিনা পালন কৰিবলগীয়া দায়িত্ব বিষয়ে অৱগত কৰে।কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা আৰু মুনীন্দ্ৰ বৰদলৈ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া এই সভাত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.