দক্ষিণ শালমাৰা মানকাচৰ জিলাত হৰ ঘৰ দস্তক অভিযান অব্যাহত

0 345

ৰাজ্যৰ প্ৰতিখন জিলাতে ক’ভিড ভেকচিন নোলোৱাকৈ যাতে এজনো যোগ্য লোক বাদ পৰিব নোৱাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰৰ ‘হৰ ঘৰ দস্তক’ অভিযানৰ কাৰ্য্যসূচী সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ভেকচিন নোলোৱা প্ৰতিজন ব্যক্তিক ঘৰে ঘৰে গৈ ক’ভিড প্ৰতিষেধক টিকা প্ৰদানৰ ব্যৱস্থা কৰে।জিলা খনৰ ‘হৰ ঘৰ দস্তক’ৰ নীৰিক্ষক হিচাপে নিয়োজিত থকা অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব দিলিপ কুমাৰ বৰুৱাৰ উপস্থিতত জিলা উপায়ুক্তৰ নেতৃত্বত প্ৰশাসনিক বিষয়া আৰু স্বাস্থ্য কৰ্মীৰ এটা দল তৎপৰতাৰে অভিযান চলাই ইতিমধ্যে ৯৯.৬৫ শতাংশ লোকক ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হয়।
আনহাতে ৩০ নৱেম্বৰৰ পৰা জিলাখনৰ অতিকৈ দুৰ্গম এলাকা সমূহত সচিব গৰাকীৰ লগতে উপায়ুক্ত পল্লৱী সৰকাৰ, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, দক্ষিণ শালমাৰাৰ চক্ৰ বিষয়া ভলীন বাবা ভালাৰী আৰু জিলা স্বাস্থ্য বিষয়া আৰু স্বাস্থ্যকৰ্মীৰ দলে জিলাখনৰ চৰ অঞ্চলৰ দুৰ্গম এলেকাত বাস কৰা লোক সকলোক ভেকচিন নোলোৱা ব্যক্তিক ক’ভিড ভেকচিন প্ৰদান কৰে ।আজি জিলা খনৰ দক্ষিণ শালমাৰা ধেনাৰখুটী,বালাডুবা, দঃ শালমাৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, টুমনী, সমহিয়া স্বাস্থ্য কেন্দ্ৰ আদি ঠাইত হৰ ঘৰ দস্তক অভিযান চলোৱা পৰিলিক্ষিত হয়।
বাতৰি যুগুতালে সামিম জাকাৰিয়াই

Leave A Reply

Your email address will not be published.