দখলা কলনীত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

0 192

পলাশবাৰী সমষ্টিৰ দখলা কলনীত দখলা ফুটবল ক্লাৱৰ উদ্যোগত যোৱা ৩১ অক্টোবৰৰ পৰা দুদিনীয়াকৈ প্ৰাইজমানী খালী ভৰিৰ ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত খেলখন ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ উপ-সভাপতি হিমাংশু শেখৰ বৈশ্যই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি প্ৰথমবাৰৰ বাবে দখলা কলনীৰ যুৱক সকলে ফুটবল খেল অনুষ্ঠিত কৰাৰ ধন্যবাদ জ্ঞাপন কৰি খেলুৱৈ সকলক উদ্দেশ্যি প্ৰেৰণা মূলক বক্তব্য প্ৰদান কৰে।
 
 
 
অনুষ্ঠানত দহালী দখলাৰ ৮ নং ৱাৰ্ডৰ সদস্য হেমন্ত কলিতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতা খনত ১৪ টা দলে অংশ গ্ৰহণ কৰা খেলখনৰ আজি ফাইনেল খেল ডি কে এফ চি বনাম সাতপখলী এফ চি মাজত অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেল খনত সাতপখলী এফ চিয়ে চিয়ে ডি কে এফ চিক ২-০ গলত পৰাভূত কৰি বিজয়ী খিতাপ অৰ্জন কৰে।
 
এই উপলক্ষে ৰবীন প্ৰসাদ ডেকাই আঁত ধৰা অনুষ্ঠিত প্ৰথম পুৰস্কাৰ দাতা জয়ন্ত কাকতিয়ে প্ৰথম পুৰস্কাৰ বিজয়ী দলক নগদ ধন আৰু বঁটাৰে পুৰস্কৃত কৰে। আনহাতে দ্বিতীয় পুৰস্কাৰ বিজিত দল ডি.কে.এফ.চিক নগদ ধন আৰু বঁটাৰে পুৰস্কৃত কৰে বিশিষ্ট ব্যক্তি অপূৰ্ব শৰ্মাই। উক্ত খেল খনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে হীৰকজ্যোতি দাসে।

Leave A Reply

Your email address will not be published.