দীপাৱলীৰ প্ৰাক্ ক্ষণত ইতিবাচক পদক্ষেপ

0 310

পোহৰৰ উৎসৱ দিপাৱলী সমাগত ।বজাৰত নানা ধৰণৰ আলোক সজ্জাৰ সা সামগ্ৰীয়ে ভৰি পৰিছে ।দীপাৱলীৰ সময়ত আমদানিকৃত সামগ্ৰীক প্ৰত্যাহ্বান জনাই তেজপুৰৰ কেইগৰাকীমান যুৱতী -মহিলাই স্বাৱলম্বীতাৰ সোপান ৰচি আশাৰ বতৰা কঢ়িয়াই আনিছে।উল্লেখযোগ্য যে তেওঁলোকে ডেক’ৰেটিভ কেণ্ডেলৰ উদ্যোগ প্ৰতিষ্ঠা কৰি বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কেণ্ডেল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।প্ৰায় ৪০গৰাকী মহিলাই নানা ৰঙৰ কেণ্ডেল প্ৰস্তুত কৰি তুলিছে ।জানিব পৰা মতে এই কেণ্ডেলবোৰ বজাৰ মূল্য ১০টকাৰ পৰা ৫০০ টকা ।প্ৰায় ৮ ঘণ্টা সময়লৈ প্ৰজ্বলিত হ’ব পৰা কেণ্ডেলবোৰে সহজতে বজাৰ দখল কৰিব বুলি মহিলা সকল আশাবাদী।

খবৰ যুগুতালে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাথে ।

Leave A Reply

Your email address will not be published.