নাগশংকৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস উদযাপন

0 377

চতিয়াৰ নিকটৱৰ্তী নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে ৭৩ তম স্থাপনা দিৱস উদযাপন কৰা হয়। পুৱা নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া বানেশ্বৰ বৰাই পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰে। ইয়াৰ পিছতে নাগশংকৰ আৰু দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচ-কাৱাজত অংশগ্ৰহণ কৰে।বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লাৱণ্য দেৱীৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে নয়ণজ্যোতি নাথে বৰগীত পৰিবেশন কৰে। নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক নয়ণজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক শিক্ষক অঞ্জন বাচকোটাই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ উপযোগী বক্তব্য প্ৰদান কৰে।অনুষ্ঠানত কুসুমতোলা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক শিক্ষক ‌ধনঞ্জয় সুত্ৰধৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মননশীল ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ মাজতে শিক্ষাৰ্থী বাহিনীৰ ছাত্ৰ-ছাত্ৰী যথাক্ৰমে নিকিতা কালান্দী, লুনা শইকীয়া, সুনম দেৱী, পল্লৱী সৱৰ, নয়ণজ্যোতি নাথে বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰে।নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰাক্তন তত্বাৱধায়ক শিক্ষক বাণেশ্বৰ বৰাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মনোজ্ঞ ভাষণ প্ৰদান কৰে। নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ছাত্ৰ-ছাত্ৰীসকলে থলুৱা লোক-বাদ্য বাদন পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰে। সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ভোলা শৰ্মা, ৰাণা বৰদলৈ, ঘন ওৰাঙৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল। সভাৰ শেষত নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক শিক্ষক নয়ণমনি শইকীয়াই সকলোকে শলাগ জ্ঞাপন কৰে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.