নিৰৱে বহু সা সামগ্ৰী উদ্ভাৱন কৰিছে

0 483

উদ্ভাৱনৰ জৰিয়তে সমগ্ৰ দেশতে পৰিচয় জিনিবলৈ সক্ষম হোৱা এজন যুৱক।যুৱকজনৰ নাম সুৰজ চেতিয়া।ঘৰ শিৱসাগৰৰ নিতাইপুখুৰীত।
বিশেষ কাৰিকৰী শিক্ষাৰে শিক্ষিত নহ’লেও যুৱকজনে ইটোৰ পিছত সিটো মেচিন উদ্ভাৱন কৰি বাতৰি শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে সুৰজ চেতিয়াই বিশেষভাৱে সক্ষম লোকেও ব্যৱহাৰ কৰিব পৰা সঁজুলি, কণী উমনি দিব পৰা যন্ত্ৰ, মুগা সূতা কটা যন্ত্ৰ উদ্ভাৱন কৰিছে।যাৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুবাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।
তেখেতে উদ্ভাৱন কৰা যন্ত্ৰবোৰ ইতিমধ্যে বহু গ্ৰাহকে ক্ৰয় কৰি উপকৃত হৈছে।সুৰজ চেতিয়া এই প্ৰচেষ্টাক অঞ্চলটোৰ সচেতন ব্যক্তিয়ে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.