পশ্চিম গুৱাহাটীত তিনিটা পথৰ আধাৰশিলা স্থাপন আৰু এটা নতুন পথ উদ্ধোধন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

0 231

পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ বাট পথ সমূহৰ আন্তঃ গাঁথনিৰ উন্নয়ন সাধনৰে যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে।এই আঁচনিৰ অংশহিচাপে কালি বিধায়ক কলিতাই অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ স্ব- অগ্ৰাধিকাৰ পুঁজিৰ ২০১৯ – ২০ ৰ অধীনত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ জৰিয়তে ৪.১৮ কৌটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া তিনিটা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
 
 
পথ তিনিটা হ’ল ক্ৰমে নালাপাৰা পথ, জোনাকী নগৰ পথ আৰু কটকীপাৰাৰ অমৃত বড়ো পথ। তেনেদৰে নতুনকৈ নিৰ্মাণ কৰা পশ্চিম বৰাগাঁওৰ মিকিৰঘুলিৰ শিৱ মন্দিৰ পথটো উদ্ধোধন কৰে। আনহাতে এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উপস্থিত ৰাইজক পথ নিৰ্মাণত ৰাইজক সহযোগিতা আগবঢ়োৱাৰ লগতে যদি সামান্য মাটি এৰি দিবলগীয়াও হয় তেন্তে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত এৰি দিবলৈ আহ্বান জনায়।
 
অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰই পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা , সহকাৰী অভিযন্তাদ্বয় নেকিবুৰ ৰহমান আৰু গংগাৰাম সাপকোটা , কনিষ্ঠ অভিযন্তা অমল ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.