পূজা মণ্ডপত মাস্ক বিতৰণ কৰিলে অভিনেত্ৰী আইমী বৰুৱাই

0 233

প্ৰতিকূল বতৰৰ মাজতে উদযাপন হৈছে দেৱী দূর্গাৰ পূজা।কিনকিনীয়া বৰষুণে পূজাৰ পৰিৱেশ অধিক সেমেকা কৰি তুলিছে।
 
ক’ৰণা পৰিস্থিতিৰ  আৰু বৰষুণৰ বাবে এইবাৰৰ পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ। চৰকাৰী নীতি নিয়ম পালন কৰি ৰাইজ ঠাইয়ে ঠাইয়ে পূজা মণ্ডপত ভিৰ কৰা পৰিলক্ষিত হৈছে।
আনহাতে শনিবাৰে জাগীৰোডৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক।প্ৰতিবাৰৰ দৰে এইবাৰো অভিনেত্ৰী গৰাকীয়ে জাগীৰোড সমষ্টিৰ বিভিন্ন পূজা মণ্ডপ পৰিদৰ্শন কৰি দেৱীৰ আশীষ লোৱা পৰিলক্ষিত হয়।এইবাৰ অভিনেত্ৰীগৰাকীয়ে জাগীৰোড বিভিন্ন পূজা মণ্ডপত ৩০ হাজাৰ মাস্ক বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.