প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠা দিৱসত ৬ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

0 217

প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ ৩১সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ২৮ জানুৱাৰী প্ৰাগজ্যোতি আলোচনা কক্ষত উদ্‌যাপন কৰা হয়। সমাজৰ উপসভাপতি মছদ্দৰ হুছেইনে আঁত ধৰা অনুষ্ঠানত প্ৰকল্প নিৰ্মাণ আন্দোলনৰ একেবাৰে আগশাৰীত অৱস্থান কৰা তথা সমাজৰ সদস্য ৰত্ন ওজা, শ্যামা প্ৰসাদ শৰ্মা, দুলাল ৰয়, নিপন গোস্বামী, ননী বৰপূজাৰী,চেতনা দাসক ফুলৰ থোপা, চেলেং, স্মাৰক, এখন প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ ৰত্ন ওজাৰ হৈ সম্বৰ্ধনা গ্ৰহণ কৰে বৰ জীয়ৰী ঐনিতম ওজাই৷
উক্ত সম্বৰ্ধনা জনায় সমাজৰ হৈ কাৰ্যকৰী সভাপতি ইফতিকাৰ আলী আৰু সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে৷ আটাইকেইগৰাকীয়ে প্ৰকল্প নিৰ্মাণ আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । অন্তৰংগ আলাপ অনুষ্ঠানৰ পাছতে গীত মাতৰ এসন্ধ্যাত সভাপতি, গীতিকাৰ কীৰ্তি কমল ভূঞাই দেৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি, অভিনেতা তাপস দত্তই পিয়লী ফুকন নাটৰ সংলাপ পৰিৱেশন কৰে।মিতালী কলা কেন্দ্ৰৰ শিল্পীসকলে ওডিচী নৃত্য, অৰ্চনা ভট্টাচাৰ্যই বৰগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আমোদ দিয়ে৷

Leave A Reply

Your email address will not be published.