পৰিবেশ সুৰক্ষাৰ বাৰ্তা বিলাই পদযাত্ৰা কৰিছে এগৰাকী যুৱতীয়ে।শিৱসাগৰৰ এই যুৱতী গৰাকীৰ নাম নিজৰা ফুকন। যুৱতীগৰাকীয়ে চৰাইদেউ মৈদামৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন অভিমুখে যাত্ৰা কৰিছে।জানিবপৰা মতে বৃক্ষবন্ধুৰ উদ্যোগত যোৱা ১ ডিচেম্বৰৰ পৰা যুৱতী গৰাকীয়ে এই যাত্ৰা আৰম্ভ কৰিছে।ইতিমধ্যে যুৱতী গৰাকীয়ে ৩৮৪ কিমি পথ খোজ কাঢ়ি গুৱাহাটীত উপস্থিত হৈছে। জানিব পৰা মতে যুৱতী গৰাকীয়ে দৈনিক ৩০ কি মি পথ খোজ কাঢ়ে।প্ৰায় ২২৪৬ কি মি পথ অতিক্ৰম কৰোতে ৬ খন ৰাজ্যৰ ৫০,০০০ লোকক প্ৰত্যক্ষভাৱে পৰিবেশ সজাগতা সম্বন্ধে বুজাবলৈ চেষ্টা কৰিব বুলি নিজৰা ফুকনে জানিবলৈ দিয়ে।উল্লেখযোগ্য যে অহা ১০ মাৰ্চত দিল্লীত উপস্থিত হৈ যুৱতীগৰাকীয়ে ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আৰু কেন্দ্রীয় বন আৰু পৰিবেশ মন্ত্রীৰ হাতত পৰিবেশ সজাগতা সম্বলিত এখন স্মাৰক প্ৰদান কৰিব।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা