সৰুৰে পৰা পাৰফৰমিং আৰ্টৰ লগত সম্পৰ্ক আছিল ।যাৰ বাবে পৰৱৰ্তী সময়ত নেচনেল স্কুল অৱ ড্ৰামাত পঢ়িবৰ বাবে গৈছিলো।এই মন্তব্য মেধা আই্চৰ।Motichoor Chaknachoor নামৰ চিনেমাত অভিনয় কৰা অসমৰ শিল্পী গৰাকীৰ সৈতে হোৱা কথোপকথনত মেধাই এনেদৰে জানিবলৈ দিয়ে-মোৰ এই সফলতাৰ আঁৰৰ ব্যক্তিগৰাকী মোৰ মা।কাৰণ মায়ে মোক সপোন দেখাইছিল।টি ভিৰ চিনেমাৰ অভিনেতা অভিনেত্ৰীক চাই তেওঁলোকৰ দৰে হ’বলৈ অনুপ্ৰাণিত কৰাইছিল।৭বছৰ বয়সতে শিৱ বৰঠাকুৰৰ চিনেমাত শিশু শিল্পী হিচাপে অভিনয় কৰিছিলো।মই ভাবো কোনো কামত সফলতা লাভ কৰিবলৈ হ’লে ধৈৰ্য্য লাগিব, সাহস থাকিব লাগিব লগতে মানুহৰ পৰা শিকাৰ মনোভাৱ থাকিব লাগিব ।গুৱাহাটী শিলপুখুৰীৰ মেধাই ভাৰত নাট্যমৰ লগতে সত্ৰীয়া নৃত্য কৰে।মেধাৰ মতে নৃত্য কলাৰ বাবে বলিউডৰ চিনেমাত অংশ লোৱাত সুযোগ পালো।Motichoor Chaknachoorচিনেমাখন ভূপালত প্ৰায় ডেৰ মাহ শ্বুটিং হৈছিল ।চিনেমা কমেডি।পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা।এহাল সম্পূৰ্ণ ব্যতিক্ৰমী মানসিকতাৰ ল’ৰা ছোৱালীৰ কাহিনীৰ আলমত চিনেমাখন নিৰ্মাণ কৰিছে।চিনেমাখন প্ৰযোজনা কৰিছে ৰাজেশ ভাটিয়া আৰু কিৰণ ভাটিয়াই আৰু পৰিচালনা কৰিছে দেবামিত্ৰ বিচৱাল হাচানে।ব’হাগ বিহুৰ সময়ত অৰ্থাৎ এপ্ৰিল মাহত চিনেমাখনে মুক্তি লাভ কৰা সম্ভৱনা আছে।উল্লেখযোগ্য যে মেধাই ভৱিষ্যতে অসমৰ লোক কৃষ্টিৰ ওপৰত কাম কৰাৰ পোষকতা কৰিছে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা