বাঁহৰ ডাষ্টবিন সজাই স্বচ্ছতাৰ নিদৰ্শন প্ৰকৃতিপ্ৰেমীৰ

0 248

দেখাত সৰু সৰু লগা কামবোৰে সময়ত সমাজত প্ৰভাৱ পেলায় ।আপ্ত বাক্যশাৰীকে সৰোগত কৰি আগবাঢ়িছে এজন প্ৰকৃতি প্ৰেমীয়ে।নগাঁও জিলাৰ চেপানলাৰ দুলু বৰা নামৰ প্ৰকৃতি প্ৰেমী যুৱকজনে পৰিবেশ সম্পৰ্কীয় কোনেও নভবা কোনেও নকৰা এটা কাম কৰি বিশেষ চৰ্চা লাভ কৰিছে ।গান্ধীজীৰ স্বচ্ছতাৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰি দুলু বৰাই টেম্পোত একোটাকৈ ডাষ্টবিন আঁৰি দিছে।এই সম্পৰ্কে দুলু বৰাই এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে কয়-এবাৰ মই টেম্পোত যাত্ৰা কৰোতে ফুটবল খেলি অহা এচাম যুৱকক প্ৰত্যক্ষ কৰিছিলো।যুৱক কেইজনে চিখৰ, গুটখা, পানী খাই য’তে ত’তে পেকেট, পানীৰ বটল পেলাই দিয়া দেখিছিলো।আৰু সেই একে সময়তে বাগানৰ পৰা চাহপাত তুলি নিয়া কেইগৰাকীমান মানুহৰ টুকুৰীক প্ৰত্যক্ষ কৰিছিলো আৰু তেতিয়াই বাঁহৰ টুকুৰী টেম্পোত সংলগ্ন কৰাৰ চিন্তা কৰিছিলো ।সেইমতে আজিৰ পৰা প্ৰায় এমাহ মানৰ আগতে ৫০টা মান বাঁহৰ টুকুৰী বনাই টেম্পোত চালক সকলৰ সহযোগত টেম্পোত লগাই দিও।প্ৰথম অৱস্থাত টেম্পোত চালক সকলৰ দুই একে সহজে মানি লোৱা নাছিল যদিও এতিয়া পূৰ্ণ সহযোগ আছে।এই কামটো দিনে দিনে ওচৰৰ অঞ্চল বিলাকত প্ৰসাৰৰ ব্যৱস্থা কৰিছো।উল্লেখযোগ্য যে দুলু বৰাই সম্পূৰ্ণ নিজা খৰছত এনে পদক্ষেপ গ্ৰহণ কৰিছে ।সমাজত প্ৰকৃতিপ্ৰেমী হিচাপে খ্যাত দুলু বৰাই বন্যহস্তীৰ বাবে বৰ্তমানে কলগছ ৰোপন কৰি আছে।এনেধৰণৰ কামে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।সমাজত সৎ কামেৰে সেৱা আগবঢ়োৱা দুলু বৰা হাজাৰ জনৰ আদৰ্শ হৈ ৰওক।

Leave A Reply

Your email address will not be published.