বিশ্ব যোগ দিৱসৰ দিনা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ ভেকচিন ল’বলৈ ৰাইজলৈ আহ্বান

0 316

বিশ্ব যোগ দিৱসৰ দিনা দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে সকলোকে চৰকাৰে ক`ভিড ৰোধিবলৈ বিনামূলীয়াকৈ যি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে তাক গ্ৰহণ কৰিবলৈ লগতে যোগ সাধনাৰ অভ্যাস গঢ়ি তুলি সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ আহ্বান জনাইছে। আধ্যাত্মিক যুৱ সন্মিলন আৰু ৰেঙণি এটি আশা ৰ উদ্যোগত বিশ্ব যোগ দিৱস
উপলক্ষ্যত টীয়কৰ চটাইস্থিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত আয়োজিত অনুষ্ঠানত সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে যোগৰ প্ৰয়োজনীয়তা আৰু প্ৰভাৱৰ ওপৰত বক্তব্য প্ৰদান কৰি প্ৰতিদিনেই যোগ সাধনাৰ জড়িয়তে ক`ভিডকো পৰাভূত কৰিব পৰা যাব বুলি মন্তব্য কৰে।লগতে চৰকাৰে বিনামূলীয়াকৈ দিয়া ক`ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.