বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন- প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা

0 266

সাংবাদিক হত্যা আৰু নিৰ্যাতন যেন উৎসৱলৈ পৰিবৰ্তন হৈছে। ২০১০ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈকে বিশ্বত ৪৫১ জন সাংবাদিক দুষ্কৃতিকাৰী অথবা চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈছে । ১৯৮৭ চনৰ পৰা ২০১২লৈ হত্যা কৰা হৈছিল ২৩ গৰাকী সম্পাদকক, ১৯৯২ চনৰ পৰা ২০১৮ লৈ ভাৰতত ২৬ জন সাংবাদিকক হত্যা কৰা হৈছিল । ১৯১৪ চনৰ পৰা ২০১৯ চনলৈ হত্যা কৰা হৈছিল ৪০ জন ভাৰতীয় সাংবাদিকক । ১৯৮৭ চনৰ পৰা আজিলৈকে অসমত ২৯ জন সাংবাদিকক হত্যা কৰা হ’ল। এই তথ্য সদৰি কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।
 
 
 
বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমা সাংবাদিক সংস্থা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইমজা বোকাখাত, কমাৰগাঁও প্ৰেছ ক্লাৱ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা আৰু নুমলীগড় প্ৰেছ ক্লাৱৰ সহযোগত আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ উদ্বোধনী ভাষণত সভাপতি গৰাকীয়ে এই তথ্য সদৰি কৰে।মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকি বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে “মহামাৰী ক’ভিড ১৯ ৰ সময়চোৱাত সংবাদ মাধ্যমৰ ভূমিকা আৰু সংবাদ মাধ্যমত ইয়াৰ প্ৰভাৱ শীৰ্ষক আলোচনা চক্ৰত বক্তব্য প্ৰদান কৰি কয় যে ক’ভিড ১৯ মহামাৰী সন্দৰ্ভত ভাৰতত প্ৰথমটো বাতৰি প্ৰচাৰ হৈছিল যোৱা চাৰি জানুৱাৰীত । চীন দেশৰ য়ুহান প্ৰদেশত আৰম্ভ হোৱা ক’ভিড ১৯ ৰ বিষয়ে চীনে তথ্য লুকুৱাইছিল । ভাৰত তথা অসমৰ সাংবাদিক সকলেও ইয়াৰ পাছতে সংবাদ মাধ্যমযোগে ক’ভিড ১৯ নিয়ন্ত্ৰণত প্ৰভূত সেৱা আগবঢ়াইছিল।জ্যেষ্ঠ সাংবাদিক ক্ৰমে বুবুল দত্ত, হেমেন হাজৰিকা, ড° বাবুলাল ম’ৰ, স্বপন নাথ, দেৱাশীষ বৰুৱাৰ লগতে সাংবাদিক ৰোমান বৰুৱা, ৰঞ্জিত ৰজক, ধ্ৰুৱজ্যোতি সাহাই বক্তব্য প্ৰদান কৰে। শলাগৰ শৰাই আগবঢায়  মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে।
 
 
ইফালে আজি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সিদ্ধান্ত অনুসৰি বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক নীলু আচাৰ্য, জ্যেষ্ঠ সাংবাদিকদ্বয় হেমেন হাজৰিকা আৰু বুবুল দত্ত, সাংবাদিক অমৰ শৰ্মা, প্ৰদ্যুত মহন্ত, ৰীণা কটকী, প্ৰদীপ হাজৰিকাই প্ৰবীন সাংবাদিক ৰাতুল ৰাজখোৱা আৰু সুষময় পুৰকায়ষ্ঠক নিজা গৃহতে একোটিকৈ গঁড়ৰ স্মাৰক আৰু একোখনিকৈ ফুলাম গামোচাৰ লগতে সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
খবৰ যুগুতালে দিব্য জ্যোতি হাজৰিকাই..

Leave A Reply

Your email address will not be published.