বৰঝাৰ বিমানবন্দৰত জগদীশ বৈশ্যৰ গীত উন্মোচন

0 193

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডল কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক আৰু সাংস্কৃতিক কৰ্মী জগদীশ বৈশ্যই আগন্তুক শাৰদীয় বতৰ উপলক্ষে ৰচনা কৰা ‘শৰতৰ পদূলি ‘ শীৰ্ষক গীতটো ২০ অক্টোবৰত ইউটিউৱ আৰু ফেচবুকত মুকলি কৰা হয়। উত্তৰ পূৱ মণ্ডল কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক চমু অনুষ্ঠানত গীতটো মুকলি কৰে উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালন এম সুৰেশে।
 
 
অনুষ্ঠানত প্ৰাধিকৰণৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে। অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো সন্দৰ্ভত নিজৰ অনুভৱ আৰু ইয়াৰ আঁৰৰ কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সাংস্কৃতিক বিভাগৰ আহ্বায়ক জগদীশ বৈশ্যক পাঁচ মিনিট দৈৰ্ঘ্যৰ গীতটিত সুৰ আৰু সংগীতত পল্লৱে সহযোগ কৰিছে । গীতটো ইংৰাজীলৈ অনুবাদ কৰিছে অংকিত বৈশ্যই। গীটাৰত মাইনাই, বাঁহীত সংগত কৰিছে চিত্তৰঞ্জন সোনোৱালে। আগন্তুক শাৰদীয় দুৰ্গা পূজা আৰু চলি থকা নৱৰাত্ৰিত গীতটোৱে জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰা হৈছে।
খবৰ যুগুতালে জীতুমণী দাসে..

Leave A Reply

Your email address will not be published.