ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ আলোচনাচক্ৰ অনুষ্ঠিত

0 286

বিহু অসম জাতীয় উৎসৱ ।সমগ্ৰ বিশ্বজুৰি বিহুৰ এক সুকীয়া পৰিচয় আছে ।আমি বিহুৰ সময়ত পৰ্যটক অনাৰ বাবে চেষ্টা চলাই আছো।ইতিমধ্যে খবৰ পাইছো এই বছৰত যথেষ্ট সংখ্যক পৰ্যটক বিহুত অসমলৈ আহিব।এই মন্তব্য উদ্যমী শ্যামকানু মহন্তৰ ।নৱপ্ৰজন্মক উদ্যোগ বাণিজ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উদ্যোগত আজি সোণাৰাম হাইস্কুলৰ প্ৰাংগনত সাম্প্ৰতিক বাণিজ্যিক পৰিবেশ সুবিধা আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি মহন্তই এই মন্তব্য কৰে।আলোচনাচক্ৰ খনত ডি আই চি চিৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া, ষ্টাৰ্ট আপ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰাঞ্জল কোঁৱৰ,নিতিন সিং উপস্থিত থাকে।আলোচনাচক্ৰত উদ্যমীসকলৰ বাণিজ্যৰ সম্ভাৱনীয়তা চৰকাৰ আৰু বেংকৰ আঁচনি তথা সেৱাৰ সম্পৰ্কে মন্তব্য আগবঢ়ায়।আলোচনা চক্ৰখন সঞ্চালনা কৰে শ্ৰীপৰ্ণা বি বৰুৱাই ।আলোচনা চক্ৰখন আই আই ই ৰ সঞ্চালক ডক্টৰ অভিজিত শৰ্মাই আই আই ইয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ সম্পৰ্কত ভাষণ ৰাখে ।

Leave A Reply

Your email address will not be published.