ভি আই পিত থলুৱা উদ্যমী যুৱকে নিৰ্মাণ কৰা ভলগা হোম উদ্ধোধন

0 252

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া ভি আই পিৰ যোগীপৰাত অঞ্চলটোৰ উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই নিৰ্মাণ কৰা ভলগা হোম নামৰ এখন হোটেল মঙ্গলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয়। বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভলগা হোম উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মাণ্ডলিক ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশে।
 
 
এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো শংকৰ ঠাকুৰীয়াই নিবনুৱা যুৱক যুৱতীক উদগনি দিয়াৰ লক্ষ্যৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যৰ শলাগ লয়। অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ মহা প্ৰবন্ধকত্ৰয় ক্ৰমে ৰবি কান্ত, এছ ৰাধাকৃষ্ণণ, এছ. কে জৈন, উপ মহা প্ৰবন্ধক জগদীশ বৈশ্যকে ধৰি কেইবাজনো বিষয়া, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যাবাহী অভিযন্তা বুলু ৰঞ্জন ডেকাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত উদ্যমী যুৱক শংকৰ ঠাকুৰীয়াই ভলগা হোম নিৰ্মাণ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.