মাজুলীৰ বয়ন শিল্পক বিশ্বমুখী কৰি তুলিছে অংগনাই

0 302

নদীদ্বীপ মাজুলীলৈ আহি মাজুলীৰ বয়ন শিল্পৰ প্ৰেমত পৰা এগৰাকী যুৱতী। মাজুলীৰ সম্পদ সম্ভাৱনাৰ প্ৰেমত পৰি যুৱতী গৰাকীয়ে মনতে সংকল্প ল’লে ।সেই সংকল্পৰে পম খেদি তিনিচুকীয়াৰ অংগনা বৰদলৈ নামৰ যুৱতী গৰাকীয়ে গড়মূৰৰ উদ্যমী যুৱক ৰজনী বৰদলৈৰ সহযোগত আৰম্ভ কৰিলে বয়ন শিল্পৰ বিশ্বমুখী যাত্ৰা। মাজুলীৰ জনজাতি প্ৰধান ভিতৰুৱা অঞ্চলৰ প্ৰায় ১০০ শিপিনীক সপোন দেখুৱাই আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলে ।উল্লেখযোগ্য যে মিচিং জনজাতিৰ ৰং বিৰঙৰ বস্ত্ৰ সম্ভাৰলৈ নতুনত্ব আনি বিশ্ব বজাৰত মুকলি কৰিলে ।বিশেষকৈ এৰি সূতাক গুৰুত্ব দি গ্ৰাহকৰ মাজলৈ নিলে।এই সম্পৰ্কে অংগনা বৰদলৈয়ে এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে ব্যক্ত কৰে -তিনি বছৰ মানৰ আগতে মই মাজুলীলৈ ফুৰিব গৈছিলো, তেতিয়া দেখিছিলো বহু বিদেশী পৰ্যটকে একেবাৰে কম দামত শিপিনী বোৰৰ পৰা কাপোৰ ক্ৰয় কৰিছে।মই এগৰাকী ডিজাইনাৰ হিচাপে থলুৱা বস্ত্ৰ সম্ভাৰলৈ নতুনত্ব অনাৰ কথা ভাবিলো আৰু পৰৱৰ্তী সময়ত সেইমতে অগ্ৰসৰ হ’লো,মই সূতা যোগান ধৰো আৰু বোৱা কাম থলুৱা শিপিনীয়ে কৰে।অংগনা বৰদলৈ সম্প্ৰতি দিল্লীৰ নয়দাৰ বাসিন্দা। স্মতব্য যে অংগনা বৰদলৈ আমেৰিকাৰ নিউ মেস্কিকোত ১২ জুলাইত অনুষ্ঠিত হ’ব লগা International Folk Art Market ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। য’ত ৫০ খন দেশৰ ১৫০ জন উদ্যমীয়ে অংশগ্ৰহণ কৰিব। জানিব পৰা মতে বাণিজ্য মেলা খনলৈ অংগনা বৰদলৈ য়ে মাজুলীত উৎপাদিত এৰিৰ কুচন কভাৰ ,ষ্টল আদি লৈ যাব। স্থানীয় বয়ন শিল্পৰ এই বিশ্বজনীন যাত্ৰাক সচেতন মহলে শলাগ লৈছে।
সংগীতা শইকীয়া
সম্পাদক।

Leave A Reply

Your email address will not be published.