মিল্ক এ টি এম সেৱা আৰম্ভ হ’ব ডিব্ৰুগড়ত

0 382

অসমত প্ৰায় সংখ্যক উদ্যমীয়ে নতুন ধাৰণাৰে অগ্ৰসৰ হৈছে ।এইষাৰ কথা পুনৰ বাৰ প্ৰমাণ কৰি দেখুৱাইছে ডিব্ৰুগড়ৰ কেইজনমান উদ্যমীয়ে।ডিব্ৰুগড় চহৰৰ জ্ঞান বৰা, ভাস্কৰ বৰপূজাৰী আৰু এজন সহযোগীৰ প্ৰচেষ্টাত মিল্ক এ. টি এম সেৱা আৰম্ভ কৰাৰ যো জা চলাইছে।জানিব পৰা মতে কালিলৈ পৰা  মিল্ক এ টি এমৰ জৰিয়তে ডিব্ৰুগড় বাসীয়ে গাখীৰ ক্ৰয় কৰিব পাৰিব।বি এন বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰম্ভ হ’বলগীয়া সেৱাৰ সম্পৰ্কত জ্ঞান বৰাই কয় যে গ্ৰাহকে প্ৰথমে ৫০ টকা মূল্যৰে কাৰ্ডখন পঞ্জীয়ন কৰিব লাগিব ।কাৰ্ডখন ৰিচাৰ্জ কৰি নিজৰ ইচ্ছা অনুসৰি ক্ৰয় কৰিব পাৰিব।পুৱা ভাগত ৫বজা পৰা ৭বজালৈ আৰু আবেলি ৪বজাৰ পৰা ২ঘণ্টাৰ বাবে এই বিশেষ মিল্ক এ টি এম সেৱা লাভ কৰিব ।উল্লেখযোগ্য যে মিল্ক এ টি এমত উপলব্ধ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৬৬ টকা।ডিব্ৰুগড় চহৰৰ মুখ্য পথত এই সেৱাৰ ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে ।ইতিমধ্যে দেশৰ মুখ্য চহৰত এই ধৰণৰ সেৱা উপলব্ধ আছে ।

Leave A Reply

Your email address will not be published.