শিক্ষিত যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

0 286

চৰাইদেউৰ ডাঙৰীকুমাৰ গাৱৰ এজন যুৱকৰ উত্তৰণমুখী চিন্তা।যি চিন্তাত নিহিত হৈ থকা কৰ্ম আৰু আদৰ্শই অনুপ্ৰাণিত কৰিছে আন বহুজনক।চৰাইদেউৰ উচ্চ শিক্ষিত যুৱক দ্বীপেন বৰুৱাই ঘৰতে এখন ফাৰ্ম আৰম্ভ কৰিছে।বহুমুখী উত্তৰণ পশুপালন নামৰ ফাৰ্মখনৰ জৰিয়তে যুৱকজনে থলুৱাৰ লগতে উন্নত জাতৰ কুকুৰা, হাঁহ,গাহৰি পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ।উল্লেখযোগ্য যে তেখেতৰ ফাৰ্মখনত হেম্পশ্বায়াৰ গাহৰি, কলিংগ ব্ৰাউন, বনৰজা, বতা চৰাই উপলব্ধ ।এই সম্পৰ্কে দ্বীপেন বৰুৱাই এনেদৰে কয়-বৰ্তমান সময়ত চৰাইৰ পোৱালি উৎপাদনত অধিক গুৰুত্ব দিছো।ফাৰ্মখনত স্থাপন কৰা ৫ ইনকিউবেতৰ জৰিয়তে ১৫দিনত ৪০০টা, বতা চৰাইৰ পোৱালি আৰু ২১দিনত ২৫০ টাকৈ কুকুৰা পোৱালি উৎপাদন হয়।ফাৰ্মত উৎপাদিত চৰাই পোৱালিৰ চাহিদা যথেষ্ট আছে ।ইয়াৰ মূলতে আছে সজাগতামূলক সভা আৰু স্বাস্থ্য সম্পৰ্কীয় সচেতনতা।যি সময়ত অসমৰ অধিকাংশ যুৱকে কৰ্মৰ সন্ধানত বৰ্হিৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়ত উচ্চ শিক্ষিত যুৱকজনে গ্ৰহণ কৰা পদক্ষেপে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।

Leave A Reply

Your email address will not be published.