শিল্পীসকলে সমাজত ইতিবাচক চেতনাৰ সৃষ্টি কৰিব পাৰে:মুখ্যমন্ত্ৰী

0 212

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শিল্পী সম্বৰ্ধনা আঁচনিৰ জৰিয়তে ৰাজ্য সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা শিল্পী সকলক বিত্তীয় অনুদান প্ৰদান কৰা লগতে ভ্ৰাম্যমাণৰ শিল্পী আৰু কলা কুশলীসকলক সাহাৰ্য্য আঁচনিৰ অধীনত ভ্ৰাম্যমাণ নাট্যক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা শিল্পী তথা কলা কুশলীলৈ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰে।
এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে পৰম্পৰাগত লোক সাংস্কৃতিৰ শিল্পীলৈ অনুদান আঁচনিৰ অধীনত ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ ফলত অধিক সংকটৰ সন্মুখীন হোৱা পৰম্পৰাগত লোক সাংস্কৃতিৰ শিল্পীসকলক সকাহ প্ৰদানৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা উপৰিও চৰকাৰী চাৰুকলা মহাবিদ্যালয়, অসম আৰু কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয় নৱ নিযুক্তি প্ৰৱক্তা সকলক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।
আজিৰ এই অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা বিগত প্ৰায় ৫ বছৰত প্ৰদান কৰা বিভিন্ন বঁটা তথা বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱসমূহৰ বিৱৰণৰে প্ৰকাশ কৰি উলিওৱা কৃষ্টিৰ বাটেৰে শীৰ্ষক এখন কফি টেবুল বুকো মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে।
উল্লেখ্য যে শিল্পী সম্বৰ্ধনা আঁচনিৰ অধীনত ৰাজ্য খনৰ ১১৮৬ গৰাকী শিল্পীলৈ ৫০ হাজাৰ টকাৰ বিত্তীয় অনুদান ভ্ৰাম্যমাণ শিল্পী ,কলা-কুশলী সাহায্য আঁচনিৰ অধীনত ৯৭৪ গৰাকী ভ্ৰাম্যমাণ শিল্পী আৰু কলা-কুশলীক ৫০ হাজাৰ টকা আৰু ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসমৰ সৰ্বমুঠ পৰম্পৰাগত ১৬,৫৪৭ গৰাকী শিল্পীক ৬ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা পদক্ষেপ লোৱা হৈছে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমাজত সর্বদা পূজিত শিল্পী সকলে সমন্বয়ৰ সমাজ গঢ়াত মুখ্য ভূমিকা পালন কৰে।সেয়েহে এই শিল্পী শিল্পী সকলক উপযুক্ত মৰ্যাদা আৰু সন্মান প্ৰদান বাবে ৰাজ্য চৰকাৰে আৰম্ভণি পৰা গুৰুত্ব প্ৰদান কৰি আহিছে।আজি শিল্পী সকলক আৰ্থিক অনুদান প্ৰদানো ইয়াৰ এক অন্যতম অংশ বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আজি এই অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক যাদৱ শইকীয়া,দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰা,অসম ৰাজ্যিক চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সুমন হৰিপ্ৰিয়া,পবিত্ৰ মাৰ্ঘেৰিটা,সুৰ্দশন ঠাকুৰ,প্ৰীতম শইকীয়া,কেবাগৰাকী সত্ৰাধিকাৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ লগতে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত পৰা অহা শিল্পী আৰু কলা-কুশলী হিতাধিকাৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.