শিৱসাগৰত মহিলা আৰু শিশুসকলৰ বাবে গঠিত জিলা পৰ্য্যায়ৰ যুটীয়া টাস্ক ফৰ্চৰ বৈঠক সম্পন্ন

0 213

শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালৰ অধ্যক্ষতাত আজি মহিলা আৰু শিশুসকলৰ বাবে গঠিত জিলা পৰ্য্যায়ৰ যুটীয়া টাস্ক ফৰ্চৰ এখন বৈঠক উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত হয়।বৈঠকত জিলা পৰ্য্যায়ৰ যুটীয়া টাস্ক ফৰ্চৰ কাৰ্যপন্থা, ভৱিষ্যত পৰিকল্পনা আৰু সংশ্লিষ্ট বিভাগ সমূহৰ দায়িত্ব ইত্যাদি সাঙুৰি কাৰ্যপন্থা প্ৰস্তুতকৰণৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে।
 
অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে শিশু আৰু মহিলাৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দিশত সংশ্লিষ্ট সকলোকে সম্পূৰ্ণ গুৰুত্ব সহকাৰে আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। বাল্য বিবাহ, শিশু শ্ৰম, শিশু, মানৱ সৰবৰাহ আৰু মহিলাৰ প্ৰতি শাৰীৰিক আৰু মানসিক নিৰ্যাতন আদিৰ বিৰুদ্ধে তেওঁ জনসাধাৰণৰ মাজত ব্যাপক ভাৱে সজাগতা বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহৰ লগতে স্বেচ্ছাসেৱী সংগঠন সমূহকো আহ্বান জনায়। বাল্য বিবাহৰ কোনো ঘটনা পৰিলক্ষিত হলে, সেয়া তৎক্ষণাত আৰক্ষীক অৱগত কৰি পঞ্জীয়নভুক্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। শিশু, কিশোৰ-কিশোৰী আৰু মহিলাৰ অধিকাৰ আৰু সুৰক্ষা বিঘ্নিত হোৱা যিকোনো ঘটনা দৃষ্টিগোচৰ হলে ততাতৈয়াকৈ আৰক্ষী আৰু জিলা প্ৰশাসনক যোগাযোগ কৰিবলৈও তেওঁ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। বৈঠকত তেওঁ স্বাস্থ্য বিভাগক শিশু সকলৰ বাবে পৰিপূৰক দৰৱ যেনে আইৰণ আৰু ফলিক এচিড আদি নিয়মীয়াভাৱে যোগান ধৰিবলৈ আহ্বান জনায়।
 
বৈঠকত ইউনিচেফৰ দ্বাৰা প্ৰযোজিত “মমতা-এইচ আই এম চি” -ৰ জিলা সমন্বয়ক ৰাজশ্ৰী শইকীয়াই জিলা টাস্ক ফৰ্চৰ সংগঠন, পৰ্য্যালোচনা, জিলা পৰ্য্যায়ৰ কাৰ্যপন্থাৰ ৰূপৰেখা, আন্তঃবিভাগীয় সমন্বয়, নডেল বিভাগ সমূহৰ ভূমিকা, সহযোগী সংস্থা সমূহৰ ভূমিকা আদিৰ ওপৰত এক বিস্তৃত প্ৰতিবেদন পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি আগবঢ়ায়।
সভাত উপ আৰক্ষী অধীক্ষক নিন্খ’দেই চিংচন, বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, বিভিন্ন চৰকাৰী বিভাগ যেনে- স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শ্ৰম, শিশু সুৰক্ষা সমিতিৰ বিষয়-ববীয়াৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.