শিৱসাগৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা

0 344

আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয় । উপায়ুক্ত কাৰ্যালয়ৰ অনুষ্ঠিত হোৱা এই সভাখনত উপায়ুক্ত গৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বজুৰি ক’ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত এই ৰোগৰ গণসংক্ৰমণ ৰোধৰ স্বাৰ্থত লগতে অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে আগন্তুক স্বাধীনতা দিৱস অনাড়ম্বৰপূৰ্ণ ভাৱে আৰু অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব।
 
 
সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসে অসম চৰকাৰে স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত প্ৰেৰণ কৰা নীতি নিৰ্দেশনা সমূহৰ বিষয়ে অৱগত কৰে। এই নীতি নিৰ্দেশনা অনুসৰি জিলা পৰ্যায়ৰ কাৰ্যসূচীত স্বাধীনতা দিৱসৰ দিনা পুৱা ৯ বজাত মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হ’ব।
 
এই অনুষ্ঠানত মুখ্য অতিথিয়ে ভাষণ প্ৰদান কৰাৰ লগতে অসম আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ দ্বাৰা কুচ-কাৱাজ আৰু অভিবাদন জনোৱা হ’ব। অৱশ্যে এই কাৰ্যসূচীত বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, এন চি চি আৰু স্কাউট এন্ড গাইডে অংশগ্ৰহণ কৰিব নোৱাৰিব। ক’ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ ব্যাপক জনসমাগম বাৰণ কৰা হৈছে।
 
 
 
আসনৰ সংখ্যা অনুসৰি কেৱল এক তৃতীয়াংশ অতিথিহে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব । এই অনুষ্ঠানত সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ উপৰিও চাবোন বা হেণ্ড চেনিটাইজাৰে হাত ধোৱাৰ ব্যৱস্থা মজুত ৰখাৰ লগতে অনুষ্ঠান থলীত আগতীয়াকৈ চেনিটাইজেচন ব্যৱস্থা কৰা হ’ব।
 
 
 
স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ লগত জড়িত শ্ৰমিক তথা অন্যান্য কৰ্মীৰ লগতে পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া ব্যক্তি সকলৰ আগতীয়াকৈ স্বাব পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব।এইবাৰ অনুষ্ঠানত কোনোধৰণৰ সাংস্কৃতিক বা ক্ৰীড়াৰ কাৰ্যসূচী অনুষ্ঠিত কৰা নহ’ব।
 
স্থানীয় ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত পুৱা ৯ বজাত মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। এই অনুষ্ঠানত উপস্থিত ৰাইজে মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি উল্লেখ কৰাৰ লগতে উপায়ুক্ত গৰাকীয়ে আসন গ্ৰহণৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় ।  লগতে উল্লেখ কৰে যে, বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা তথা বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ব্যক্তি সকলৰ নাম কেন্দ্ৰীয় অনুষ্ঠানত ঘোষণা কৰা হ’ব যদিও সম্বৰ্দ্ধনা পত্ৰ আৰু পুৰস্কাৰ সমূহ তেওঁলোকৰ নিজ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা কৰা হ’ব। উপায়ুক্তগৰাকীয়ে জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনলাইন যোগে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।
 
 
 
 
স্বাধীনতা দিৱস উপলক্ষে অহা ১৫ আগষ্টত পুৱা ৫ বজাৰ পৰা ৬ বজালৈ প্ৰভাত ফেৰী, পুৱা ৬ বজাৰ পৰা ৭ বজালৈ দেশ প্ৰেমমূলক গীত-মাত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭-৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী/বে-চৰকাৰী/অৰ্ধ-চৰকাৰী কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পুৱা ৮ বজাত স্থানীয় পিয়লি ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত শ্বহীদ তৰ্পণ কৰা হ’ব। বিয়লি ৫-৪৫ বজাত ৰাষ্টীয় পতাকা সম্বৰণ কৰা হ’ব ।
কালি সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, ১৪৯ চি আৰ পি এফৰ কামাণ্ডেট জে ভি টুছিঙেক আদি কৰি জিলা প্ৰশাসনৰ বিষয়া সকল, বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকল আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.