চেষ্টাৰ অসাধ্য একো নাই।মনত সাহস আৰু উদ্যম থাকিলে অসম্ভৱ যেন লগা সকলো সম্ভৱ হৈ উঠে।আপ্ত বাক্যশাৰীক আখৰে আখৰে প্ৰমান কৰি দেখুৱালে শিৱসাগৰ সোণাৰিৰ প্ৰিন্সি গগৈ নামৰ যুৱতী গৰাকীয়ে ।শাৰিৰীক অক্ষমতাৰ বাধাক নেওচি এই বিশেষভাৱে সক্ষম যুৱতী গৰাকীয়ে স্বাৱলম্বী হৈ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে।সেয়েহে সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত প্ৰিন্সি গগৈৰ পৰিচয় লিপিবদ্ধ হৈছে। এই সফলতাৰ বাবে অলপতে সোণাৰিস্থিত এখন বিদ্যালয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখযোগ্য যে প্ৰিন্সি গগৈক লৈ এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিছে।অচিৰেই তথ্য চিত্ৰখন দৰ্শকৰ মাজলৈ আগবঢ়াব।এই মন্তব্য প্ৰিন্সি গগৈৰ।আশা আৰু উদ্যমেৰে জীৱন জিনা এই গৰাকী সংগ্ৰামী যুৱতীক সফলতাৰ বাবে এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা জনালো অলেখ অভিনন্দন । সংগীতা শইকীয়া।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান