হিমা দাসৰ প্ৰতিমূৰ্তি বনালে

0 321

সমগ্ৰ বিশ্বতে অসমৰ নাম জিলিকাই তুলিবলৈ সক্ষম হোৱা অসম গৌৰৱ হিমা দাসৰ এটা আৱক্ষ মূৰ্তি নিৰ্মাণ কৰিছে লংকাৰ কাকী দেওৱালীৰ প্ৰতিভাৱান শিল্পী দিপেন দাসে। উল্লেখযোগ্য যে, তেওঁ হিমাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। একাণপতীয়া প্ৰচেষ্টা আৰু শ্ৰমৰ বিনিময়ত শিল্পীগৰাকীয়ে ১২ দিনত নিৰ্মাণ কৰি উলিয়াইছে।খেৰ, ৰদ, মাটি প্ৰতিমূৰ্তিটো নিৰ্মাণত ব্যৱহাৰ হৈছে। এই সম্পৰ্কে দিপেন দাসে এনেদৰে কয়…..হিমা দাসক সন্মান জনাই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে মূৰ্তিটো ক’ত স্থাপন কৰা হ’ব নিৰ্দ্ধাৰণ কৰা নাই। কোনো সদাশয় অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ কৰিলে নিশ্চয়কে মূৰ্তিটো নিৰ্মাণ কৰা সাৰ্থক হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.