২০২০ বৰ্ষৰ কাব্য কানন বঁটা ঘোষণা- নিৰ্বাচিত হৈছে ৫গৰাকী কবি

0 255

অসমীয়া কবিতাৰ প্ৰচাৰ আৰু প্ৰয়াসৰ বাবে স্থাপন হোৱা অসম কাব্য কাননৰ ২০২০ বৰ্ষ কাব্য কানন বঁটা পাঁচগৰাকী কবিলৈ আগবঢ়োৱা হৈছে।অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে জানিবলৈ দিয়া মতে এই বৰ্ষৰ কাব্য কানন বঁটাৰ বাবে ৰণজিৎ গগৈ,ৰাতুল কুমাৰ লাহন ,নীলাভ সৌৰভ,খঞ্জনা শৰ্মা,আৰু মিণ্টুল হাজৰিকা নিৰ্বাচিত হৈছে।
 
 
 
উল্লেখযোগ্য যে কাব্য কানন বাবে নিৰ্বাচিত এই কবি পাঁচজনৰ পাঁচখন কাব্য সংকলনে এই বঁটা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেইসমূহ কাব্য সংকলন হ’ল বুকুৰ কোণৰ চৌফলীয়া ৰ’দ এজাক,পানীগছা,উত্তৰ আধুনিক ঘাঁ,পানীৰ দুৱাৰ আৰু ৰ’দৰ গান।
 
 
অহা ২৭ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া অসম কাব্য কানন তৃতীয় বাৰ্ষিক অধিবেশনৰ মুকলি সভাত এই বঁটা সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাই। আনহাতে এই অধিবেশনত বিশিষ্ট কবি সমালোচক ড° মৃদুল শৰ্মা,জেষ্ঠ কবি উদয় কুমাৰ শৰ্মা, শিশু সাহিত্যিক যুগললোচন দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.