২১-তম নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ বাবে নিৰ্বাচিত হৈছে শগুন

0 213

গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ বিখ্যাত গল্প “শগুন”-ৰ আধাৰত নিৰ্মিত উৎপল বৰপূজাৰীৰ একে নামৰ চুটি ছবি “শগুন” ২১-তম নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ বাবে নিৰ্বাচিত হৈছে।
৪জুনৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হ’ব লগা এই মহোৎসৱখনত প্ৰদৰ্শন হ’ব লগীয়া ১৫টা ভাষাৰ ৫৮ টা কাহিনী আৰু তথ্য আৰু চুটি চলচ্চিত্ৰৰ অন্যতম। ক’ভিড মহামাৰীৰ বাবে এইবাৰ মহোৎসৱ খন অনলাইনত অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।
ছবিখনত অভিনয় কৰিছে সঞ্জীৱ হাজৰিকা, ধনঞ্জয় দেৱনাথ, ৰিমঝিম ডেকা, অংকিত শাণ্ডিল্য, কপিল গাৰো, অনুৰাগ ৰাভা, ফণীভুষণ ৰাভা আৰু আশিস ৰাভাই।
ছবিখনৰ বিষয়ে পৰিচালক বৰপূজাৰীয়ে কয়, মনোজ গোস্বামীৰ শগুন গল্পটো বৰ্তমান সময়ৰ সংবাদ মাধ্যমৰ সন্দৰ্ভত এক নিৰ্মোহ আৰু শক্তিশালী আলোকপাত। ছবিখনতো দৃশ্য শ্ৰব্য মাধ্যমৰ যোগেদি সেই জগতখনৰ বিষয়ে কিছু কথা ক’ব বিছৰা হৈছে।”
সকলো মাধ্যমৰ দৰে সাংবাদিকতাটো ভাল আৰু বেয়া দুয়ো ধৰণৰ মানুহ থাকে। কিন্তু দুই দশকৰো অধিক সময় ভাৰতৰ চহৰ-নগৰ আৰু ভিতৰুৱা অঞ্চলৰ পৰা সংবাদ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অভিজ্ঞতাৰ ভিত্তিত এই জগত খনৰ যোৱা কিছু সময়ত হোৱা দ্ৰুত অৱক্ষয়ে বহু সাংবাদিকৰ লগতে মোকো আমনি কৰি থাকে। তাৰেই প্ৰতিফলন হিচাপে এই ছবি খন নিৰ্মাণ কৰা হৈছে বুলি বৰপূজাৰীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী চিনেক্লাবত আয়োজিত ১৩তম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি পুৰস্কাৰ আৰু কেৰেলাৰ তথ্য চলচ্চিত্ৰ মহোৎসৱত এই শগুন ছবিয়ে উচ্চ প্ৰশংসাৰে লাভ কৰিবলৈ হৈছিল।

Leave A Reply

Your email address will not be published.