২৫ তম সৰ্বভাৰতীয় শিশু শৈক্ষিক দৃশ্য শ্ৰব্য মহোৎসৱত জিলিকিল অসম

0 278

শিক্ষকৰ সৃজনীমূলক প্ৰতিভাক তুলি ধৰাৰ উদ্দেশ্যে বিগত ২৫ বছৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শৈক্ষিক প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা আয়োজন কৰি আহিছে সৰ্বভাৰতীয় শিশু শৈক্ষিক দৃশ্য শ্ৰব্য মহোৎসৱ আৰু আই চি টি মেলা। এইবছৰৰ ২৫ সংখ্যক সৰ্বভাৰতীয় শিশুৰ শৈক্ষিক দৃশ্য শ্ৰব্য মহোৎসৱ ২০২১ ত শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকৰ শিতানত টীয়ক বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কংকন কিশোৰ দত্ত আৰু মৰিগাঁওৰ উদকাটি খালপাৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত টীয়কৰ শিক্ষক বিকাশ বৰুৱাই নিজৰ প্ৰতিভাৰে উজলি উঠিবলৈসক্ষম হয়।
কংকন কিশোৰ দত্তই New Media ৰ শিক্ষক শিতানত AR PLANET শীৰ্ষক বিষয়বস্তুৰ বাবে শ্ৰেষ্ঠ NEW MEDIA ৰ বঁটা পাবলৈ সক্ষম হৈছে। আনহাতে মৰিগাঁওত কৰ্মৰত বিকাশ বৰুৱাই শিক্ষক শিতানত ‘শিৱসাগৰ-অসমৰ এখন ঐতিহাসিক ঠাই’ বিষয়ক শৈক্ষিক তথ্যচিত্ৰৰ বাবে শ্ৰেষ্ঠ চলন্ত চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ সম্পাদনা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।তদুপৰি ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ সঞ্চালিকা ড০ নিৰদা দেৱীয়ে চৰকাৰী সংস্থাৰ শ্ৰেষ্ঠ চলন্ত চিত্ৰ বঁটা আৰু সহঃ সঞ্চালিকা ৰুকচানা শইকীয়া আৰু দ্বীপ ভূঞাই যুটীয়াকৈ চৰকাৰী সংস্থাৰ শ্ৰেষ্ঠ গৱেষণা বঁটা লাভ কৰিছে। সৰ্বমুঠ পাঁচটাকৈ বঁটাৰে অসমে ৰাষ্ট্ৰীয় মঞ্চত নিজৰ স্থান অটুত ৰখাৰ খবৰে ৰাজ্যবাসীক আনন্দ প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.