এখন ভিতৰুৱা গাঁও।ডিব্ৰুগড জিলাৰ এই গাঁওখন ভিতৰুৱা যদিও গাঁওখনৰ সৌন্দৰ্য্য চাবলৈ যথেষ্ট পৰ্যটকৰ সমাগম হৈছে।ইয়াৰ মূল কাৰণ কি’ জানেনে?গাঁওখনৰ উদ্যমী যুৱক দীপাংকৰ হাজৰিকাই এমুঠি নৱপ্ৰজন্মক লৈ গাঁওখনৰ উত্তৰণৰ হকে বিভিন্ন ধৰণৰ কাম কৰিছে।জানি সুখী হ’ব যে তেখেতৰ প্ৰচেষ্টাত গাঁওখনত ষ্ট্ৰীট লাইট হৈছে,শিশুসকলৰ মনোৰঞ্জনৰ বাবে এখন উদ্যান প্ৰতিষ্ঠা কৰিছে আৰু ৰাস্তা ঘাটৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে।উল্লেখ্যযোগ্য যে ইতিমধ্যে গাঁওখনে স্বচ্ছতাৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।এইক্ষেত্ৰত সহায় কৰিছে,গাঁওখনৰ মদন হাজৰিকা নামৰ ব্যক্তিজনে।উন্নতমানদণ্ডৰ শৌচালয়,ষ্টেজ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বৰ্তমান পানী যোগানৰ আচঁনিলৈকে সকলো সুবিধা পাবলৈ সক্ষম হৈছে।এন ই ফ’কাচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দীপাংকৰ হাজৰিকাই কয় যে চিকিম আৰু মেঘালয় ভ্ৰমণ কৰি হোৱা অভিজ্ঞতাৰ ভিত্তিতে আমাৰ গাঁওখন এনেদৰে সজাই তোলো।এতিয়াও বহু কাম কৰিবলৈ বাকী আছে।আশা কৰিছোঁ অহা বছৰৰ জানুৱাৰী মাহত সকলো কাম সম্পূৰ্ণ হৈ উঠিব।আৰু পৰ্যটক সকলেও গাঁওখন চাবলৈ আহিব।স্মৰ্তব্য যে প্ৰথম অৱস্থাত দীপাংকৰ হাজৰিকাই নিজৰ অৰ্থেৰে এই কাম আৰম্ভ কৰিছিল।দীপাংকৰ হাজৰিকাৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ