0 542

প্ৰকৃতিৰ ঘটনা প্ৰবাহে বিশ্ববাসীক জুৰুলা কৰিছে নেকি?মানৱ জাতিয়ে আশংকাত দিন কটাব লগা হৈছে নেকি?এই সকলোবোৰৰ আলমত সমসাময়িক শিতানত প্ৰস্তুত কৰা হ’ল আজিৰ খবৰ।
ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে হাহাকাৰময় পৰিবেশ সৃষ্টি কৰিছে।যাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকজন ব্যক্তিয়ে জীৱনকলৈ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে।ইয়াৰ উপৰিও আজি সমগ্ৰ ৰাজ্যতে তাণ্ডৱ চলোৱা ধুমুহাৰ বাবে বহুতৰ মনত প্ৰশ্ন উত্থাপিত হৈছে,প্ৰকৃততে পৃথিৱীত হৈ আছে কি!ই অশনি ভৱিষ্যতক ইংগিত বহন কৰিছে নেকি?
সম্প্ৰতি চ’চিয়েল মেডিয়াত তোলপাৰ লগোৱা অন্যতম প্ৰসংগ হ’ল ২৯ এপ্ৰিলৰ মহাজাগতিক পিণ্ড।বাৰ্তাটোত কোৱা হৈছে যে ২৯ এপ্ৰিলত মহাজাগতিক পিণ্ড এটাই খুন্দা মাৰিব,যাৰ ফলত পৃথিৱীলৈ দুৰ্যোগ নামি আহিব।পৃথিৱীৰ পৰা যিদৰে (অনুমান অনুসৰি)ডাইন’চৰ যুগৰ অৱসান হ’ল ঠিক সেইদৰে মানৱ জাতিৰো ক্ষতি সাধন হ’ব ।
এই সম্পৰ্কে আমি কথা পাতিছিলো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মাধুৰ্য্য প্ৰসাদ বৰা আৰু যোৰহাট তাৰকা গৃহৰ তত্বাবধায়ক ডক্টৰ প্ৰণৱ জ্যোতি চুতীয়াৰ সৈতে।এই সম্পৰ্কত ডক্টৰ প্ৰণৱ জ্যোতি চুতীয়াই কয় যে যি মহাজাগতিক পিণ্ডৰ কথা কোৱা হৈছে সেই মহাজাগতিক পিণ্ডটোৰ ব্যাস ১.৫কি মিটাৰৰ পৰা ৪ কিলো মিটাৰ।এই মহাজাগতিক পিণ্ডটো পৃথিৱীৰ পৰা চন্দ্ৰটো যিমান দূৰত্ব অৱস্থান কৰাৰ কথা কোৱা গৈছে,তাৰ ৬গুণ দূৰত্বত মহাজাগতিক পিণ্ডটো পাৰ হৈ যাব।শংকাৰ কোনো কাৰণ নাই।
 
আনহাতে আজি সমগ্ৰ ৰাজ্যতে তাণ্ডৱ চলোৱা ধুমুহাক স্বাভাৱিক বতৰৰ পৰিঘটনা বুলি মন্তব্য কৰি
বতৰ বিজ্ঞানী ৰাজীৱ ডেকাই কয় যে এয়া বৰদৈচিলাহে।এইবছৰত অলপ শেহতীয়াকৈ আহিল।ইয়াৰ প্ৰধান কাৰণ হ’ল গোলকীকৰণৰ প্ৰভাৱ।এনেকৈয়ে আৰু কিছুদিন চলি থাকিব।
নাছাই মহাজাগতিক পিণ্ডক চিন্তাৰ কোনো কাৰণ নাই বুলি ইতিমধ্যে সদৰী কৰিছে আৰু ধুমুহাও স্বাভাৱিক বুলি বতৰ বিজ্ঞানীও মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.