ফ্লাৱাৰিং গ্ৰীণ টীৰ সংযোজনে চাহ উদ্যোগলৈ আশাৰ বতৰা কঢ়িয়াইছে

0 345

অনুমান কৰকচোন! পুৱা উঠিয়েই আপুনি চাহ একাপ হাতত লৈছে আৰু চাহ কাপত চুমুক দিব খোজোতেই চাহকাপৰ এপাহ ফুলে সম্ভাষণ জনাইছে।কিমান ভাল লাগিব বাৰু! আপোনাৰ এই অনুভৱক বাস্তৱ ৰূপ দিছে এগৰাকী উদ্যমীয়ে ।এই বিশেষ উদ্যমী গৰাকীৰ নাম ৰঞ্জিত বৰুৱা।বৰ্তমান মহানগৰীৰ বামুনীমৈদামৰ বাসিন্দা ।তেখেতৰ এৰ’মিকা বেণ্ডত এনেধৰণৰ চাহ প্ৰস্তুত হয়।আচলতে বৰুৱা নিজেই ২০বছৰ ধৰি চাহ বাগানত কৰ্মৰত আছিল।২০ বছৰ বাগানৰ চাকৰি কৰাৰ পিছত ভাবিছিল যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহায়ক হোৱাকৈ নিজাকৈ কিবা এটা কৰো আৰু তাৰ পিছতে ট্ৰেণ্ডাৰ বাৰ্ডচ টী এণ্ড ক্ৰাফট শীৰ্ষক এটা কোম্পানী গঠন কৰে।অসমৰ বিভিন্ন ঠাই যেনে মাৰ্ঘেৰিটা,ডুমডুমা,ঢেকিয়াজুলীৰ পৰা চাহ সংগ্ৰহ কৰি বেণ্ডিং কৰি বিক্ৰী কৰে।এৰ’মিকা নামৰ বেণ্ডটোৰ জৰিয়তে তেখেতে ইতিমধ্যে বিভিন্ন গ্ৰাহকক চাহ যোগান ধৰিছে।এই প্ৰক্ৰিয়াটোৰ লগত তেখেতৰ পত্নী ডলি বৰুৱাও জৰিত হৈ আছে ।এৰ’মিকা বেণ্ডত প্ৰস্তুত হোৱা ফ্লাৱাৰিং গ্ৰীণ টীয়ে চাহ উদ্যোগলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।জানিব পৰা মতে এৰ’মিকা বেণ্ডত আদা, তুলসী, লেমন গ্ৰাচ দি প্ৰস্তুত কৰা চাহও উপলব্ধ ।ফ্লাৱাৰিং গ্ৰীণ টী লাডু আকাৰত পোৱা যায়।এক ডজনৰ মূল্য ২৮৫০টকা হোৱাৰ বিপৰীতে এটা মূল্য ২৫০টকা।উল্লেখযোগ্য যে এটা ফ্লাৱাৰিং গ্ৰীণ টীৰ লাডু পৰা ২৫ কাপ চাহ খাব পাৰি ।এই চাহ ক্ৰয় কৰিবলৈ মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত এন আৰ এলৰ চ’পিত পোৱাৰ লগতে সম্প্ৰতি এৰ’মিকা টীৰ ৱেবচাইটৰ জৰিয়তে গ্ৰাহকে ক্ৰয় কৰিছে।অসমৰ চাহ উদ্যোগত নতুন ধাৰণাৰে সংযোজিত হোৱা ফ্লাৱাৰিং গ্ৰীণ টীয়ে নিসন্দেহে ন মাত্ৰা প্ৰদান কৰিব।                                                                  সংগীতা শইকীয়া ।                                                 সম্পাদক                                               এন ই ফ’কাচ ডট কম।

Leave A Reply

Your email address will not be published.