কেইবিধমান ৰেচেপি

0 313

বন্ধৰ দিনটোত অলপ ব্যতিক্ৰম ধৰণৰ ৰেচিপিৰ জুতি লৈ ভাল লাগে। অলপ আনদিনে নোখোৱাৰ খাদ্য খাই ভাল লাগে। তেনে কেইবিধমান ৰেচেপি আগবঢ়ালে মিতালী কলিতাই। আহকচোন কেনেধৰণৰ ৰেচিপি আগবঢ়াইছে চাই লও।

চুজি আপেলৰ হালোৱা

IMG-20170611-WA0015

উপকৰণ: চুজি, চেনিগুৰি, দালচেনি গুৰি, বাটাৰ, আপেল (ৰুকি লোৱা) Dry fruits

প্ৰণালী- চুজিখিনি কেৰাহীত শুকানে ভাজি বাটাৰ দিব। চুজিখিনি আধা ভজা হ’লে চেনি দিব, তাৰপিছত ৰুকা আপেলখিনি দিব। অলপ ভজা হ’লে পানী দিব। যেতিয়া কেৰাহিৰ পৰা এৰাব, Dry Fruits ৰে সজাই পৰিবেশন কৰিব।

টেঙা মৰা শাকৰ লগত মাছৰ আঞ্জা

IMG-20170611-WA0013

উপকৰণ: টেঙা মৰা শাক, মেথিগুটি, কেচা জলকীয়া, পিঠাগুৰি, নিমখ, হালধি, ভাঙন মাছ (যিকোনো মাছ)।

প্ৰণালী: প্ৰথমে মাছত নিমখ, হালধি সানি তেলত ভাজি ল’ব। সেই কেৰাহীত মেথিগুটি দি কাটি থোৱা টেঙামৰা শাক দিব, নিমখ হালধি দি অলপ সময় ঢাকন দি ৰাখিব। শাক ভজা হ’লে নিজৰ আন্দাজমতে পানী দি মাছ কেইপিচ উতলিব দিব। নমোৱাৰ আগে পিঠাগুৰি ২ চামোচ আঞ্জাত দিব। উতলিলে উঠাই গৰম ভাতৰ লগত পৰিবেশন কৰিব।

চজিনা পাতেৰে ৰহৰ দাইল

IMG-20170611-WA0014

উপকৰণ: চজিনা পাত, ৰহৰ দাইল, কেচা জলকীয়া, তেল, কলৰ খাৰ, নিমখ, সৰিয়হগুটি

প্ৰণালী- প্ৰথমে চজিনা পাত ধুই ল’ব। ৰহৰ দাইল খিনি বেলেগকৈ ধুই ৰাখিব। কেৰাহীত তেল দি সৰিয়হ গুটি আৰু কেচা জলকীয়া দি দিব। তাৰ পিছত ৰহৰ দাইলখিনি অলপ সময় ভাজি চজিনাপাত দিব। তাৰ পাছত খাৰ আৰু নিমখ দি আন্দাজমতে পানী দিব। ৰহৰ দাইলখিনি উতলিলে নমাই কেচা মিঠাতেল দিব।

মিতালী কলিতা
মিতালী কলিতা
Leave A Reply

Your email address will not be published.