এইচডিএফচি বেংকে ভাৰতৰ ৫০ খন চহৰত ম`বাইল এটিএম স্থাপন কৰিছে

0 276

দেশৰ বিভিন্ন প্ৰান্তত আৰোপ কৰা প্ৰতিবধকতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু লকডাউনৰ সময়ত গ্ৰাহক সকলক সহায় কৰিবলৈ এইচডিএফচি বেংকে আজি সমগ্ৰ ভাৰতৰ ৫০ খন চহৰত ম`বাইল অটোমেটেড টেলাৰ মেচিন উপলব্ধ হোৱাৰ কথা ঘোষণা কৰে।প্ৰতিবদ্ধকতা এলেকাত সাধাৰণ ৰাইজৰ নগদ ধন উলিওৱাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব ম`বাইল এটিএম বোৰে।এই ভ্ৰাম্যমাণ বা মোবাইল এটিএম বোৰ বৰ্তমান চেন্নাই, মুম্বাই, দিল্লী/গুৰগাঁও,বিজয়ৱাড়া , কটক,লুধিযান, লক্ষ্মৌ , ভুৱনেশ্বৰ, চণ্ডিগড় , তিৰুবন্তপুৰম,এলাহবাদ ,পুনে, হায়দৰাবাদ,আহমদাবাদ ,ত্ৰিচি, চালেম,কইম্বাটুৰ,হোচুৰ ,লয়ডা, জেইপুৰ, বেংগালুৰু, মহীপুৰ,জয়পুৰ,পানীপত, আম্বালা,জম্মু, নাছিক, ৰেৱাৰী,পাটনা চহৰত সক্ৰিয় হৈ আছে।
জুনৰ প্ৰথম সপ্তাহৰ পৰা পুডুচেৰী, বৈশাখ,ৰাজমুন্দ্ৰী,মাদুৰাই, তিৰুনেলভেল,হায়দাবাদ,কোচিন,দিল্লী,কানপুৰ,আগ্ৰা,বাৰাণসী,গোৰথপুৰ,নাগপুৰ,আলিগড়,কালিকুট আৰু কলকাতা দৰে চহৰত ভ্ৰাম্যমাণ এটিএম উপলব্ধ কৰা হ’ব।
ইয়াত গ্ৰাহকে ১৫ প্ৰকাৰো অধিক লেনদেনৰ সুবিধা লাভ কৰিব।সেই সমূহৰ ভিতৰত আছে নগদ ধন উলিওৱা, বেলেন্স অনুসন্ধান, ৰিকোৱেষ্ট ফৰ মিনি ষ্টেটমেণ্ট,এটিএম পিন সলনি কৰা,এটি এম পিন প্ৰৱৰ্তন কৰা,ক্ৰেডিট কাৰ্ড পৰিশোধ কৰা, মোবাইল এটিএমৰে প্রিপ্ৰেইড মোবাইল ৰিচাৰ্ছ গ্ৰাহক সকলক তাৎক্ষণিক ঋণ চেক বহী/একাউণ্ট ষ্টেটমেণ্ট একোটা এটিএম/ডেবিট কাৰ্ডৰ সৈতে সংযোজিত একাউণ্টৰ মাজত পুঁজি স্থানান্তৰ কৰা, উটিলিটি বিল পৰিশোধ কৰা,চেকৰ স্থিতিৰ বিষয়ে অনুসন্ধান কৰা,আইপিআইএন ৰ বাবে অনুৰোধ কৰা, মোবাইল বেংকিংৰ বাবে পঞ্জীয়ন কৰা মোবাইল নম্বৰ আপডেট কৰা আৰু মোবাইল এটি এমৰ জৰিয়তে কাৰ্ড বিহীন নগদ ধন উলিওৱা ম`বাইল এটি এমে এদিনত ৩-৪ ষ্টপ সামৰিব।
এটিএমৰ বাবে শাৰী পাতি থাকোতে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সাৱধানতা কৰ্মচাৰী আৰু গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চেনিটাইজেচনৰ পদক্ষেপ লৈছে বেংকে।এই সম্পৰ্কে এইচডিএফচি বেংকৰ দায়বদ্ধতা সামগ্ৰী, তৃতীয় পক্ষৰ সামগ্ৰী আৰু অনাবাসী ব্যৱসায়ৰ গ্ৰুপ হেড এছ সম্পত কুমাৰে কয় আমি আশা কৰোঁ যে আমাৰ মোবাইল এটিএমে মৌলিক বিত্তীয় সুবিধা ল’ব বিচৰা লোক সকলৰ বাবে এক বৃহৎ সমৰ্থন প্ৰদান কৰিব।গ্ৰাহক সকলে তেওঁলোকৰ চুবুৰীয়া পৰা দূৰলৈ নোযোৱাকৈ বেংক সেৱা সমূহ লাভ কৰিব পাৰিব।এই সহায় কঠিন সময়,আমি সকলো একেলগে থিয় হ’ব লাগিব।সকলোকে সহায় কৰাটো আমাৰ কৰ্মৰ এক অংশ ক’ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ ঘৰতে থকা আৰু সুৰক্ষিত থকা।

Leave A Reply

Your email address will not be published.