এইচ ডি এফ চি বেংকৰ নতুন বাহন ঋণ ঘোষণা

0 271

এইচ ডি এফ চি বেংকে গ্ৰাহক সকললৈ ১০০০খন চহৰ সামৰি জিপ ড্ৰাইভ তৎকালীন বাহন ঋণৰ সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে। মাত্ৰ ১০ছেকেণ্ডৰ ভিতৰতেই বাহন ঋণৰ সুবিধা প্ৰদান কৰিব পৰা এই জিপ ড্ৰাইভ হ’ল ভাৰতৰ দ্ৰুততম অনলাইন ঋণ প্ৰদান কৰিব পৰা ব্যৱস্থা। এই সুবিধা বৰ্তমানে ভাৰতৰ আন চহৰ সমূহৰ সৈতে ভীমাৱৰম, হাৰদৈ, থলাছেৰী আৰু বালাছোড়ৰ দৰে টায়াৰ২ আৰু টায়াৰ৩ চহৰ সমূহলৈও সম্প্ৰসাৰিত কৰা হৈছে।
 
 
 
ক’ভিড১৯ৰ বিভিষিকাই গ্ৰাহকসকলৰ জীৱনশৈলী আৰু চাহিদাৰ নতুন সামাজিক ব্যৱধানৰ বাবে প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তিত কৰিছে। বেংকৰ যিসকল গ্ৰাহকে বাহন ঋণ লাভ কৰিবলৈ বিচাৰে, তেওলোকে শাখা অথবা অন্য কোনো কায়িক টাচ্চ পইণ্ট পৰিদৰ্শন কৰাৰ আৱশ্যক নাই। জিপ ড্ৰাইভৰ সমাধানে গ্ৰাহকসকলক পূৰ্ণ অনুমোদিত ৰূপৰ সৈতে ঘৰতে বহিয়েই নেট বেংকিং অথবা ফোন বেংকিঙৰ সহায়েৰে সুৰক্ষিতভাৱে বাহন ঋণ লাভ কৰাৰ স্বতন্ত্ৰতা প্ৰদান কৰিব পাৰে।
 
 
 
এই সন্দৰ্ভত এইচ ডি এফ চি বেংকৰ ৰিটেইল লেণ্ডিঙৰ দেশীয় মুৰব্বী অৰবিন্দ কপিলে এনেদৰে কয়, জিপ ড্ৰাইভ তৎকালীন বাহন ঋণে গ্ৰাহকসকলক বেংকৰ পৰা আকৰ্ষণীয় মূল তথা চৰ্ত সাপেক্ষে বাহন ঋণ লোৱাৰ সুবিধা প্ৰদান কৰে। ইয়াৰ জৰিয়তে এটা মাত্ৰ ক্লিকৰ জৰিয়তে আমি গ্ৰাহকসকলক  ঘৰৰ পৰাই প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিবলৈ সক্ষম হৈছো।
জিপ ড্ৰাইভ কেনেদৰে লাভ কৰিব-
1. কোনো পূৰ্ব অনুমোদিত নথি পত্ৰৰ প্ৰয়োজন নাই।
2. নেট বেংকিং অথবা কিউ আৰ কোড স্কেন কৰি অথবা ফোন বেংকিঙৰ জৰিয়তে যিকোনো স্থান বা যিকোনো সময়তে গ্ৰাহকে তেওৰ ঋণৰ আৱণ্টন লাভ কৰিব।
3. বেংকৰ প্ৰ’প্ৰাইটেৰী এলগ’বিথিম আৰু বিশ্লেষণ ব্যৱহাৰ কৰি বেংকৰ গ্ৰাহক সকললৈ পূৰ্বৰ অনুমোদিত ঋণৰ সুবিধা প্ৰদান কৰা হয়।
4. আৱেদনৰ অনলাইন প্ৰদানৰ পিছত তৎকালীনভাৱে ঋণ আৱণ্টিত কৰা হয়।
5. গ্ৰাহকে অনলাইনত বাহনৰ মডেল, ডীলাৰ, ঋণৰ পৰিমাণ যোগ্য সীমা আৰু সময়কাল বাচনি কৰিব পাৰে। তেওঁলোকে মূল্যৰ ১০০%সাপেক্ষে অন ৰোড বিত্তপোষণৰো সুবিধা বাচনি কৰিব পাৰে।

Leave A Reply

Your email address will not be published.